আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

সৌৰজগত সৃষ্টিৰ আঁৰৰ কাহিনী

সৌৰজগতক লৈ পূর্বৰ পৰাই বিজ্ঞানীসকলে সমীক্ষা চলাই আছে। সমীক্ষাৰ অন্তত সদায় ন ন তথ্য পােহৰলৈ আহিছে। কেতিয়াবা যদি নতুন গ্রহৰ সন্ধান পাইছে কেতিয়াবা আকৌ মহাকাশত বিলাসী হােটেল নির্মাণৰাে পৰিকল্পনাও কৰিছে। এতিয়া গুৰুত্বপূর্ণ প্রশ্নটো হ’ল সৌৰজগত সৃষ্টিৰ আঁৰৰ কাহিনীটো কি? এই সন্দৰ্ভত বৈজ্ঞানিকসকলে বহু ন ন তথ্য আগবঢ়াইছে। এই সমীক্ষাত প্রমাণ হৈছে যে এক বিশালকায় দীঘলীয়া সময়ৰ পৰা মৃত তৰাৰ আশে পাশে সৃষ্টি হােৱা বতাহৰ বুৰবুৰণিয়ে আমাৰ সৌৰজগতখন সৃষ্টি কৰিছে। এই সন্দৰ্ভত বর্তমানেও বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। অন্য এটি সম চুপৰনােৱাৰ অর্থাৎ তৰাবােৰৰ ভয়ংকৰ বিস্ফোৰণৰ ফলতেই সৌৰজগতৰ সৃষ্টি হয়। এই বিস্ফোৰণ অৰৱ বৰ্ষ আগতে হৈছিল বুলি। প্রমাণিত হৈছে। অন্য এক সমীক্ষাত প্রমাণ হৈছে যে সৌৰজগতৰ সৃষ্টি ষ্টাৰ নামৰ এক বিশালকায় গ্রহৰ পৰা সৃষ্টি হৈছে। যি গ্রহ ৪০-৫০ গুণ সূর্যতকৈ ডাঙৰ। আমেৰিকাৰ চিকাগাে বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ নিকলচৰ মতে—যেতিয়াই ‘ৱালফ ৰায়েটে’ গ্রহৰ আকৃতি লৈ চৌদিশে বিতৰণ কৰে তেতিয়াই বুৰবুৰণিৰ সৃষ্টি হয়। এই বুৰবুৰণিয়ে গ্রহৰ জন্ম দিয়ে। এই বুৰবুৰণিয়ে ধূলি আৰু গেছৰ লগত মিলি এটি গ্রহৰ সৃষ্টি কৰে। সমীক্ষাত প্রমাণ হৈছে যে এই বুৰবুৰণিয়ে সূৰ্যৰ দৰে ষােল্লটা গ্রহৰ সৃষ্টি কৰিব পাৰে। এইদৰে সৌৰজগত সৃষ্টিৰ ন ন তথ্য পৰীক্ষা চলাই থকা হৈছে। আৰু বহু ন ন তথ্যও পােহৰলৈ অহাৰ সম্ভাৱনাও আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close