অসম

“সেৱা ভাৰতী পূৰ্বাঞ্চল”ৰ প্ৰশংসনীয় পদক্ষেপ

বিনামূলীয়া হোমিওপেথিক চিকিৎসা শিবিৰ

বিশ্বনাথ জিলাৰ অন্তৰ্গত তথা উত্তৰ জামুগুৰিৰ নিকটৱৰ্তী ইটাখোলাৰ চৰাই জনিয়াত নেহেৰু স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত কালি “সেৱা ভাৰতী পূৰ্বাঞ্চলৰ” দ্বাৰা হোমিওপেথি চিকিৎসা কেন্দ্ৰ উন্মোচন কৰাৰ লগতে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ৷ ইটাখোলাৰ চৰাই জনিয়া ভিতৰুৱা অঞ্চল বাসিন্দা সকলৰ স্বাস্থ্যৰ অৱনতিৰ ওপৰত লক্ষ ৰাখি উক্ত গাওঁৰে যুবক চন্দন বৰা আৰু পৱন নাথে আৰোগ্য মিত্ৰৰ প্ৰশিক্ষণ লৈ কেন্দ্ৰটো উদ্ধোধনৰ ব্যৱস্থা কৰে ৷ উক্ত সভাৰ আৰম্ভণিত বন্তি প্ৰজ্বলনৰ দ্বাৰা মুকলি কৰে স্থানীয় সমাজ কৰ্মী শুনাৰাম নাথে ৷ গোলাপ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ চতিয়া খণ্ডৰ সম্পৰ্ক প্ৰমুখৰ লগতে কুসুমটোলাৰ” মদন হোমিও ক্লিনিক” ৰ স্বত্বাধিকাৰী ডা° মদন শৰ্মাই সভাৰ উদ্দেশ্য বাখ্যাত বৰ্তমান সময়ত হোমিওপেথি চিকিৎসাৰ গুৰুত্ব আৰু দিনে দিনে এই পদ্ধতিৰ প্ৰতি ৰাইজৰ আগ্ৰহ বাঢ়ি অহাৰ কথা অৱগত কৰে ৷ উক্ত চিকিৎসা শিবিৰত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি জাতীয়তাবাদী যুৱ ছাএ পৰিষদৰ নেতা তথা ফ্লেৱিয়া ফ্ৰেছ প্ৰাঃ লিঃ ৰ চিলভাৰ ডাইৰেক্টৰ বিশ্বজিত কলিতাই-আজিৰ সমাজত হোমিওপেথিক আৰু আয়োৰ্বেদিক চিকিৎসাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে ৷ লগতে ৰোগ নোহোৱাকৈ কেনেকৈ ঘৰৰ বাৰিত থকা বনৌষধিৰ দ্বাৰা সুস্থ হৈ থাকিব পাৰি তাৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ উক্ত চিকিৎসা শিবিৰত শতাধিক বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীক হোমিও চিকিৎসক ডা° মদন শৰ্মাৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰন কৰা হয় ৷ ইফালে সেৱা ভাৰতী পুৰ্বাঞ্চলৰ এনে জনকল্যাণ মুলক স্বাস্থ্য সম্পৰ্কীয় সেৱাক স্থানীয় সকলোৱে প্ৰশংসা কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close