আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিজ্ঞানবিশেষশীৰ্ষ

সেউজীয়া সমুদ্র

ক্রমান্বয়ে সমুদ্র নীলা পানী সেউজীয়া হৈ পৰিছে। চলিত শতিকাৰ শেষৰ পিনে এই পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে। ব্রিটেইনৰ চাউথাম্পটন বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে এই তথ্য প্রকাশ কৰিছে। গৱেষক দলটোৰ অন্যতম সদস্য আনা হিকমেনৰ শেহতীয়া তথ্য অনুসৰি সমুদ্ৰৰ পানীত থকা শৈবালকণা ফাইট’প্লাংটনৰ ৰং সেউজীয়া। ইহঁতে গছ-গছনিৰ দৰেই সূৰ্যৰ ৰশ্মিত খাদ্য প্রস্তুত কৰে। সেয়ে শৈবালকণাৰ পৰিমাণ যি অংশত কম তাৰ ৰং নীলা আৰু যত পৰিমাণ বেছি সেই অংশৰ পানী সেউজীয়া। কিন্তু শেহতীয়াকৈ সমুদ্রপৃষ্ঠত ইয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত ২১০০ বছৰৰ ভিতৰত পৃথিৱীৰ তাপমাত্রা প্রায় ৩ ডিগ্রী চেলচিয়াচলৈ বৃদ্ধি পাব। যাৰ ফলত সমুদ্রপৃষ্ঠত থকা ফাইটপ্লাংটনৰ মাত্রাও দ্রুতগতিত বৃদ্ধি পাব লগতে সমুদ্রপৃষ্ঠৰ পানীৰ ৰঙো সলনি হ’ব। কেৱল ইমানেই নহয় ইয়াৰ মাত্রা বৃদ্ধিৰ ফলত ৰঙৰ মাত্রাও সলনি হ’ব বুলি দাবী উত্থাপন কৰিছে গৱেষকৰ দলটোৱে। সূৰ্যৰ ৰশ্মিয়ে সাগৰৰ পানী যিমানদূৰ শুহি ল’ব বা ইয়াৰ পৰিমাণ কিমান হ’ব সেই সন্দৰ্ভতাে দলটোৱে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে কেৱল যে তাপমাত্রাই বৃদ্ধি পাব তেনে নহয় ইয়াৰ ফলত জৈৱবৈচত্ৰৰ লগতে পানীৰ জােত বা অম্লতাৰ গুণাে যে বৃদ্ধি পাব সেই বিষয়টোও প্রতিফলিত হৈছে বর্তমান সময়ত। বর্তমান গৱেষকৰ দলটোৱে বিভিন্ন মডেল প্রস্তুত কৰি গৱেষণা চলাই আছে। পৃথিৱীক প্রদক্ষিণ কৰি চলা কৃত্রিম উপগ্রহসমূহাে যেতিয়া মহাকাশলৈ গতি কৰে তেতিয়াও ইয়াৰ ৰঙৰ তাৰতম্য দেখিবলৈ পােৱা যায় বুলি দলটোৱে মতপােষণ কৰিছে। উল্লেখ্য যে, বর্তমান গৱেষকৰ দলটোৱে সমুদ্রপৃষ্ঠৰ নীলা পানীৰ ৰং সেউজীয়ালৈ পৰিৱর্তন এই বিষয়টোৰ ওপৰত যথেষ্ট গৱেষণা অব্যাহত ৰাখিছে। হয়তাে আগন্তুক সময়ত ইয়াৰ বহু ৰহস্য উদঘাটন হ’ব বুলি আশা প্রকাশ কৰা হৈছে। যদিহে এই ৰহস্যই কোনাে অজানা তথ্যৰ উমান দিয়ে তেন্তে ই হ’ব বিজ্ঞান জগতৰ অন্যতম সাফল্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close