বিচিত্র জগতবিনোদনবিশেষশীৰ্ষ

সেঁতুৰ সৈতে ৰাজকুমাৰীৰ বিয়া

বিচিত্র মানুহেৰে পৰিপূৰ্ণ আমাৰ এই বিচিত্র জগত। এই বিচিত্র মানুহবােৰৰ কার্যকলাপে কেতিয়াবা আকৌ অন্য মানুহক অস্বস্তিত পেলােৱাৰ লগতে কেতিয়াবা আকৌ বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে অষ্ট্রেলিয়াত। অষ্ট্রেলিয়ান নাৰী জোডি ৰ’জ এতিয়া সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু। কাৰণ ৰ’জে যি বিচিত্র কাণ্ড সংঘটিত কৰিছে সেয়া শুনিলে হয়তাে সকলােৰে চকু কপালত উঠিব। কাৰণ তেওঁ কোনাে তেজ-মঙহৰ মানুহৰ সৈতে বিবাহপাশত আবদ্ধ হােৱা নাই। তেওঁ বিবাহপাশত আবদ্ধ হৈছে ফ্রান্সৰ এখন প্রাচীন সেঁতুৰ সৈতে। অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ সত্য।

শেহতীয়া তথ্য অনুসৰি ফ্ৰান্সৰ প্রশাসনিক বিভাগৰ কেৰেট টেক নদীৰ ওপৰত থকা ‘লা প’ন্ত দ’ দিয়াবল’ নামৰ সেতুখনৰ সৈতে ৰ’জে ২০১৩ চনত বিবাহপাশত আবদ্ধ হয়। এই সেতুখনৰ ইংৰাজী অর্থ হ’ল ‘দ্য ডেভিলচ ব্রিজ। আন এক তথ্যত পােহৰলৈ আহিছে যে বিয়াৰ পূর্বে ফ্রান্সলৈ ভ্ৰমণ কৰিবলৈ আহোঁতে এই সেতুখন ৰজৰ চকুত পৰে। ইয়াৰ পাছতেই তেওঁ এই চৈধ্য শতিকাৰ সেতুখনৰ সৈতে বিয়াত বহিবলৈ সিদ্ধান্ত লয়। দিন, বাৰ অনুসৰি মাত্র চৈধ্যগৰাকী অতিথিক লৈ ৰজৰ এই ব্যতিক্রমী বিয়াখন সম্পন্ন হয়। স্বামী-স্ত্রীক আশীর্বাদ দিবলৈ তাত উপস্থিত হৈছিল প্রতিৱেশী চহৰৰ মেয়ৰ ছেইণ্ট জিন দ’ফচ। জোডি ৰজৰ ভাষাত এয়া এগৰাকী পৰী আৰু তেওঁৰ হেণ্ডচাম,শক্তিমান তথা বলিষ্ঠ স্বামীৰ কাহিনী। এক সাক্ষাৎকাৰত তেওঁ জনায় যে প্রথমাৱস্থাত এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰাটো খুবেই কঠিন আছিল যদিও পিছলৈ সকলাে সহজ হৈ পৰে। সকলােকে আচম্বিত কৰি তােলা এই বিয়াখনত অতিথিৰ সংখ্যাও আছিল তেনেই নগন্য। তথাপিও যেন ৰ’জ নিৰাশ হােৱা নাছিল। মনৰ প্রতিটো ইচ্ছা পূৰণ কৰি এতিয়া যেন ৰজ যথেষ্ট সুখী। সেয়ে খুব গৌৰৱেৰে ৰ’জে এতিয়াও বিয়াৰ আঙঠি নিজৰ লগত ৰখাৰ লগতে বিয়াৰ সাজেৰে মাজে সময়ে সেতুখনৰ সমীপত ৰৈ থকা দেখা যায়। এগৰাকী স্বামীৰ পৰা যিখিনি প্রাপ্য থাকে সেই সকলােখিনি মেন দ্য ডেভিলছ সেতুখনে অর্থাৎ স্বামীয়ে ৰ’জকো দিয়ে। প্রতিটো দিশতে যেন সাহস, প্রেৰণা আদি দি আহিছে ৰ’জক। ৰজৰ দৃষ্টিত এই সেতুখনক এগৰাকী সুন্দৰ সুঠাম চেহেৰাৰ যুৱক। ৰ’জে ইয়াক জীৱনৰ যেন এক সুন্দৰ অনুভূতি হিচাপে স্বীকৃতি প্রদান কৰিছে। এই কার্য দেখি বহুতে বহু মন্তব্য আগবঢ়াইছে যদিও ৰজৰ কোনাে ভ্রুক্ষেপ নাই। মুঠৰ ওপৰত তেওঁ এই প্রাচীন সেতুখনক নিজৰ স্বামী হিচাপে পাই যথেষ্ট সুখী তথা গর্বিত। উল্লেখ্য যে ফ্রান্সত এইধৰণৰ বিয়াৰ কোনাে স্বীকৃতি নাই যদিও ৰজৰ দাবী তেওঁলােকৰ এই বিয়া সত্য তথা তেওঁলােকৰ প্ৰতিটো সম্পর্কই অটুট আছে। কাৰণ যিয়ে নহওক কিয় বর্তমান সময়ত এই ব্যতিক্রমী বিয়াখনে সমগ্র বিশ্বতে চর্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close