অসম

“সাময়িকী”ৰ চতুৰ্থ বৰ্ষপূতি অনুষ্ঠানত ৰঙাচকুৱাৰ মলয়া মেধিলৈ দ্বিতীয় শ্ৰেষ্ঠা কবিৰ বঁটা প্ৰদান

উষানগৰী তেজপুৰত বৰ্ণিল প্ৰকাশন ২০১৮-১৯ বৰ্ষৰ ফেচবুক সাহিত্য চৰ্চা গোট “সাময়িকী” চতুৰ্থ বৰ্ষপূতি অনুষ্ঠানত দ্বিতীয় শ্ৰেষ্ঠা কবি হিচাপে বঁটা লাভ কৰিলে শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা অঞ্চল নিবাসী এগৰাকী জেষ্ঠ সমাজকৰ্মী, লেখিকা, কবিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ আই সমাজৰ ৰাজ্যিক সম্পাদিকা মলয়া মেধি ।

 

এইগৰাকি মহিলাই নিজৰ ঘৰুৱা দ্বায়িত্বৰ মাজতো নিজৰ সাহিত্য চৰ্চাৰ লগতে সমাজৰ যিকোনো অনুষ্ঠানত প্ৰতিটো মুহুৰ্ত্তত সহায়-সহযোগ আগবঢ়াই । ২০০৭ চনত “নাৰী, প্ৰেম, চকুলো ইত্যাদি” নামৰ কিতাপখন তেওঁ নিজেই প্ৰকাশ কৰিছিল । আগুন্তুক দিনত তেওঁৰ প্ৰকাশ হ’বলগীয়া এখন উপন্যাষ “হৃডয়ৰ তলাতল ঘৰৰ গোপন এটি কক্ষ”, এখন গল্প সংকলন “অতিপ্তৰ বাসনাৰ তীপ্ত আত্মা আৰু এখন কবিতাৰ সংকলন “শেৱালীৰ অষ্ফুট বেদনা” বুলি জানিবলৈ দিয়ে । তেওঁ দ্বিতীয় শ্ৰেষ্ঠা কবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কবিতাটো হ’ল “জাগা জাগা ইতিহাস” । উক্ত বঁটাটোত কিতাপৰ টোপোলা, প্ৰশংসা পত্ৰ আৰু ট্ৰফী প্ৰদান কৰিছে উদ্যোক্তাসকলে । তেওঁৰ এই সফলতাক অঞ্চলবাসীৰ লগতে সকলো সাহিত্য প্ৰেমীসকলে ভূয়সী প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close