অসমবিশেষশীৰ্ষ

সাংবাদিক ছাহেদ আলী আহমেদলৈ ড° বি আৰ আম্বেদকাৰ সাহিত্যশ্ৰী বঁটা-২০১৯ 

মফিদুল হক ,বৰপেটা

বৰপেটা জিলাৰ  সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি অঞ্চলৰ পুতলাৰটাৰীৰ  বাসিন্দা সাংবাদিক, সমন্বয়ৰ কবি, সাহিত্যিক  সমাজকৰ্মী ছাহেদ আলী আহমেদক দিল্লীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  ‘ড° বি  আৰ আম্বেদকাৰ সাহিত্যশ্ৰী বঁটা – ২০১৯’  প্ৰদান কৰে । যোৱা ৮-৯ ডিচেম্বৰত দিল্লীত ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে আয়োজন কৰা ৩৫ সংখ্যক দলিত লিখকৰ ৰাষ্ট্ৰীয় সন্মিলনত সাংবাদিক ছাহেদ আলী আহমেদক ৮ ডিচেম্বৰত উদ্যোক্তাসকলে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে  । ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয়  বঁটা প্ৰদান কৰা সময়ত উক্ত অনুষ্ঠানত ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ সভাপতি অধ্যাপক ড° এছ পি সুমনাক্ষৰ আৰু প্ৰধান  সম্পাদক অধ্যাপক জয় সুমনাক্ষৰৰ লগতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ¸   প্ৰাক্তন কেন্দ্ৰীয় ন্যায় আৰু সমতা বিকাশ মন্ত্ৰী তথা ৰাজ্যসভাৰ উপাধ্যক্ষ সত্য নাৰায়ণ জেটিয়াৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । সাংবাদিক ছাহেদ আলী আহমেদে ‘সমন্বয়ৰ বাট বিচাৰি’ ¸ ‘নেলচন মেণ্ডেলা জিন্দাবাদ’ ¸ ‘যি প্ৰেম অবাটে নাযায়’, ‘অকবিৰ কবিতা পথভ্ৰষ্ট ‘ আদি কবিতা সংকলনৰ সৈতে তিনি শতাধিক কবিতাৰ ৰচক ¸ প্ৰবন্ধ লেখক ¸ সমাজ সংস্কাৰৰ বাবে অবিৰত যাত্ৰা অব্যাহত ৰখাৰ উপৰিও সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে    । কয়াকুছিৰ সমন্বয় সাহিত্য  গোষ্ঠীৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক-সাহিত্যিক বৰপেটাৰ  য’তিগাওঁৰ আবুল হুছেইনৰ ৩৮ খন গ্ৰন্থ প্ৰকাশ আৰু পৰিৱেশন কৰাৰ উপৰিও  কবি , শিক্ষক ওমৰ  ফাৰুক কিবৰিয়াৰ  ‘মইতো তোমাৰ প্ৰেমত পৰা নাই’ নামৰ পুথিখন প্ৰকাশ কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে । ছাহেদ আলী আহমেদে কয়াকুছিৰ সচেতন নাগৰিক মঞ্চৰ যুটীয়া সম্পাদক ¸  সংখ্যালঘু যুৱ পৰিষদ ¸ অসম চমুকৈ ‘মাইকা’ৰ বৰপেটা জিলাৰ সভাপতি ¸ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ বৰপেটা জিলা সমিতিৰ সচিব ¸ সদৌ অসম সাংবাদিক সন্থা চমুকৈ ‘আজু’ৰ বৰপেটা জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ¸আৰ্থ-সামাজিক, সাংস্কৃতিক সংস্থা ‘সজাগ’ৰ কাৰ্যকৰী সভাপতি ¸ সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ উপদেষ্টা ¸ কয়াকুছি প্ৰেছ গীল্ডৰ চাৰিটা কাৰ্যকালৰ সম্পাদক ¸ জাৰাবাৰীস্থিত এম কে আদৰ্শ লাইব্ৰেৰীৰ কাৰ্যকৰী সভাপতি ¸ প্ৰগতিশীল সাহিত্য পৰিষদ অসমৰ সহকাৰী সম্পাদক ¸ সদৌ অসম পৰিবেশ সুৰক্ষা পৰিষদৰ কাৰ্যকৰী সভাপতি ¸ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক  পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে । প্ৰগতিশীল সাহিত্য পৰিষদ অসমৰ প্ৰতিষ্ঠা দিৱস আৰু ছাব্বিছ জানুৱাৰী উপলক্ষে প্ৰকাশিত কাব্য সংকল ‘প্ৰগতি’ আৰু ’প্ৰয়াস’ৰ সম্পাদক ¸ কিঞ্চিতৰ সম্পাদনা সমিতি আৰু   কিঞ্চিত গোষ্ঠীৰ ড° এপিজে আব্দুল কালামৰ জীৱন ভিত্তিক গ্ৰন্থ ‘কিঞ্চিত’ৰ বিশেষ সংখ্যাৰ কাৰ্যবাহী সম্পাদক ¸ গ্ৰন্থ দৰ্পণ ¸ কয়াকুছিৰ  বিহুৱান  ¸ সাহিত্যবন ¸ গুঞ্জন ¸ সপ্তমী ¸ কৃষ্টি ¸চেতনাৰ সম্পাদনা সমিতি ¸ অসম সাহিত্য সভাৰ কয়াকুছি শাখাৰ  মুখপত্ৰ ‘সাহিত্যবন’ৰ সম্পাদক ¸ বাঘবৰ বিহু সন্মিলনৰ স্মৃতি গ্ৰন্থ ‘কঁহুৱা’ৰ দুবাৰৰ  সম্পাদক ¸ স্মৃতি গ্ৰন্থ  বিষ্ণু প্ৰসাদ ৰাভাকে আদি কৰি বিভিন্ন গ্ৰন্থ সম্পাদনা সমিতিৰ লগত ওতপ্ৰোতভাৱে জৰিত হৈ আছিল । ইয়াৰোপৰি  সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি¸ কাৰ্যকৰী সভাপতি ¸ সম্পাদক ¸ কাৰ্যবাহী সদস্য  আৰু অন্যান্য পদ  বিলাকো অলংকৃত কৰি প্ৰায় অৰ্ধ শতাধিক বিভিন্ন সামাজিক সংগঠনৰ বিভিন্ন  পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে । সমাজকৰ্মী , সাংবাদিক ছাহেদ আলী  আহমেদে জাৰাবাৰীস্থিত প্ৰতিভা  বিকাশ মঞ্চ ¸ যুটীয়াভাৱে  গুৱাহাটীস্থিত কাৰ্যালয়ৰে পৰিচালিত গ্লোৱেল ওৱেলফেয়াৰ ছোচাইটি আৰু সংখ্যালঘু উন্নয়ন পৰিষদ, অসম ¸ যুটীয়াভাৱে  নেহৰু যুৱ কেন্দ্ৰ বৰপেটা  আৰু এছিয়ান মিছন ইনষ্টিটিউট, বৰপেটা ¸ নেউলাৰভিঠাস্থিত  কৃষ্টি পথাৰ- সাহিত্য সামাজিক সাংস্কৃতিক মঞ্চ ¸  বৰপেটাৰোডস্থিত  হেল্পলাইন একাডেমীৰ ডি.এল.এড টিচাৰচ গ্ৰোপ ¸ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ  দ্বাৰা বিভিন্ন সময়ত বিশেষভাৱে সম্বৰ্ধিত হৈ আহিছে । শেষতীয়াভাৱে পোন্ধৰ নৱেম্বৰত বৰপেটাৰোড সাহিত্য সভা ভৱনত  অনুষ্ঠিত  কৃষ্টি পথাৰৰ বঁটা প্ৰদান (কৃষ্টি এৱাৰ্ডচ্  ২০১৯) অনুষ্ঠিত জাকজমক আৰু গাম্ভীৰ্যপূৰ্ণ সভাখনত পশ্চিম বংগৰ ‘আমন্দ মুখৰ সাহিত্য পত্ৰিকা’ৰ  পক্ষৰ পৰাও আহমেদক ‘কবি আৰু সমাজসেৱী’ হিচাপে সম্বৰ্ধনা প্ৰদান কৰিছে । আনহাতে যোৱা ১৭ নৱেম্বৰত “কিঞ্চিত্” নামৰ বৰপেটাৰোডৰ  আন্তৰাষ্ট্ৰীয় বহুভাষিক সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে বৰপেটাৰোড সাহিত্য সভা ভৱনত আয়োজন কৰা সপ্তম দ্বি-বাৰ্ষিক মহা অধিৱেশনত ছাহেদ আলী আহমেদক যুৱ সাহিত্য কৰ্মী ¸ সমাজসেৱক আৰু সাংস্কৃতিক সেৱক হিচাপে ‘যুৱ প্ৰতিভা’ সম্বৰ্ধনা বঁটা প্ৰদান কৰে । অত্যন্ত কষ্টসহিষ্ণু, কৰ্মঠ , কবি , সাহিত্যিক, সাংবাদিক, সমাজকৰ্মী ছাহেদ আলী আহমেদে  অসম তথা কয়াকুছি- সৰুক্ষেত্ৰী  অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত কয়াকুছিৰ কৃতি সন্তান তথা বিশিষ্ট চিকিৎসক ডাঃ শ্বাহ আলম ¸ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদ ¸ বিষয় শিক্ষক কমলজিত ভূঞা আৰু নজৰুল ইছলাম ¸   মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) ৰ কেন্দ্ৰীয় অধ্যক্ষ ¸ কাৰ্যকৰী অধ্যক্ষ ¸ সচিব প্ৰদান ক্ৰমে আদিত্য লহকৰ ¸ কেশৱ চহৰীয়া ¸ প্ৰণৱজ্যোতি চেতিয়া ¸ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, সাহিত্যিক মোঃ ফয়েজুৰ ৰহমান, মাছৰ কয়াকুছি আঞ্চলিকৰ উপাধ্যক্ষ ¸ সচিব ক্ৰমে হাছেন আলী আৰু আব্দুল জলিল ¸ আমছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য-প্ৰযুক্তি সম্পাদক মনিৰুজ জামান ¸ আমছুৰ বৰপেটা জিলাৰ উপ সভাপতি মোঃ তোতা মিঞা ¸   সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে আমিৰ হুছেইন আৰু আজগৰ আলী আহমেদ ¸ সংখ্যালঘু যুৱ পৰিষদ অসম চমুকৈ ‘মাইকা’ৰ  উপদেষ্টা সভাপতি ¸  কাৰ্যকৰী সভাপতি ক্ৰমে অধ্যক্ষ মজিবৰ ৰহমান ¸ইমদাদ উল্লাহ খান  আৰু হানিফ আলী আহমেদ, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুল হুছেইন, পশ্চিম বেতবাৰী সমবায় সমিতিৰ সচিব জালাল উদ্দিন ভূঞা,  ‘সজাগ’ৰ সভাপতি আনিছুৰ ৰহমান¸ এম কে আদৰ্শ লাইব্ৰেৰীৰ সম্পাদক অধ্যাপক মইদুল ইছলাম ¸ কয়াকুছি সচেতন নাগৰিক মঞ্চৰ সভাপতি  ছোহৰাব আলী ¸ অধ্যাপক হান্নান আলী আহমেদ, সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰ, সাংবাদিক আবু নাছিৰ আলমকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ছাহেদ আলী আহমেদৰ  ভৱিষ্যৎ জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছে । উল্লেখযোগ্য যে পুতলাৰটাৰী নিবাসী মৰহুম সাহেব উদ্দিন আৰু মৰহুমা ছুৰতজান নেছাৰ চতুৰ্থ গৰাকী পুত্ৰ ছাহেদ আলী আহমেদে ১০ ডিচেম্বৰত  নতুন দিল্লীস্থিত ‘বাবু জগজীৱন ৰাম  কলা সংস্কৃতি আৰু সাহিত্য  অকাডেমী’ৰ পৰা সমাজসেৱাৰ বাবে এইবেলি  ‘বাবু জগজীৱন ৰাম নেশ্বনেল সন্মান পদক-(এৱাৰ্ড – ২০১৯)পাবলৈয়ো সক্ষম হৈছে । ১০ ডিচেম্বৰত উক্ত বঁটাটো আগবঢ়ায় ৪৯ তম বিজয় দিৱস উপলক্ষে আয়োজিত সভাত । নতুন দিল্লীস্থিত দীন দয়াল উপাধ্যায় মাৰ্গ  ¸ ৰাউজ  এভেনু  ¸ ৰাজেন্দ্ৰ ভৱনত আয়োজিত ৰাষ্ট্ৰীয়  বিজয় দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানত বাবু  জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য অকাডেমী সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি ড০  এনএছ খোবা ¸ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ ¸ প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ তথা ন্যায় আৰু সমতাৰ প্ৰাক্তন মন্ত্ৰী ¸  সাংসদ  সত্য নাৰায়ন জেটিয়া ¸ কেন্ত্ৰীয় মন্ত্ৰী আৰপিআই দলৰ মূৰব্বী ৰাম দাস আথেৱালে¸ মহাৰাষ্ট্ৰ পুনেৰ সাহিত্যিক সুমনজী ¸ নবীনজী ¸ বিখ্যাত সাহিত্যিক পুনেৰ ড০ অৰনাভ ¸ টি এম কুমাৰ ¸ গুজৰাটৰ মঙ্গল সুৰজ ¸ নেপালৰ সাংসদ ক্ৰমে ৰাম-লক্ষ্মণ ¸ সুজাতা পাৰিহাৰ আৰু ৰাম প্ৰীত ¸  নেপালৰ সংবিধান সমিতিৰ সদস্য ক্ৰমে বিনোদ পাহাৰী আৰু ডিপি নেপালী ¸ ওম প্ৰকাশ সহ বিশিষ্ট ব্যক্তিৰ অন্যান্য সদস্যৰ সৈতে ২১ জনীয়া দল ¸ দিল্লীৰ বিধায়ক ৰূপচান্দ  ¸ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখ পাত্ৰ ড০ প্ৰিয়াংশু অভিজিত ¸ ৰাজেন্দ্ৰ ভৱনৰ সঞ্চালক অনিল মিশ্ৰসহ ভাৰতৰ  ২৩ খন  ৰাজ্যৰ বিশিষ্ট ব্যক্তি সকল ¸ নেপাল -ভূটান সহ কেবাখন ৰাষ্ট্ৰৰ প্ৰতিনিধি সহ বহুতো  গন্য-মান্য  ব্যক্তি উপস্থিত থাকে । ৰাষ্ট্ৰীয় বিজয় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গুৰুত্বপূৰ্ণ সভাখনত এনে সন্মান জনক বঁটাৰে সন্মানিত হোৱাত কয়াকুছি তথা সৰুক্ষেত্ৰীৰ বহুতো জ্ঞানী-গুনী ব্যক্তি বিশেষে আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সাংবাদিক তথা সমাজকৰ্মী ছাহেদ আলী আহমেদলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close