আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

সাংবাদিকক প্রশিক্ষণ গুগলৰ

বৈজ্ঞাকিসকলৰ আৱিষ্কাৰৰ ভিতৰত গুগল অন্যতম। বর্তমান যেন সমগ্র বিশ্বই এই গুগলৰ হাতােৰাত সােমাই পৰিছে। এইবাৰ সাংবাদিকসকলক প্রশিক্ষণ প্রদান কৰিব গুগলে। সাংবাদিকসকল হ’ল সমাজৰ দাপােণস্বৰূপ। সেয়ে তেওঁলােকৰ দ্বাৰা যাতে কোনাে ধৰণৰ ভুল তথ্য বা খবৰ সম্প্রচাৰিত নহয় তাৰ ওপৰত লক্ষ্য ৰাখিয়েই গুগলে এই সিদ্ধান্ত গ্রহণ কৰিছে। আগন্তুক এবছৰৰ ভিতৰত ইংৰাজীসহ আৰু ছয়টা ভাৰতীয় ভাষাত সাংবাদিকসকলক প্রশিক্ষণ প্রদান কৰিব গুগল ইণ্ডিয়াই।

প্রায় আঠ হাজাৰ সাংবাদিকক এই প্রশিক্ষণ প্রদান কৰিব বুলি এক তথ্যত পােহৰলৈ আহিছে। ভাৰতৰ বিভিন্ন চহৰৰ প্রায় দুশজন সাংবাদিকক লৈ এই প্রশিক্ষণ ব্যৱস্থা কৰা হ’ব। পাঁচদিনীয়া এই প্রশিক্ষণ শিবিৰত সাংবাদিকসকলে শিকিব পাৰিব যে তেওঁলােকে যােগান ধৰা তথ্য কিমান নিৰাপদ? অর্থাৎ ‘ক্রছ চেকিং’নামৰ এবিধ বিশেষ পাঠদানৰ সুবিধা থাকিব এই প্রশিক্ষণ শিবিৰত। যাৰ সহায়ত খবৰ বা তথ্যসমূহ নিৰাপদ থকাৰ লগতে ভুল বা ভুৱা খবৰৰ পৰা বিৰত থাকিব। গুগল নেটৱৰ্কৰ তথ্য অনুসৰি সাংবাদিকসকলে এই প্রশিক্ষণ লােৱাৰ পিছতেই অন্যান্য সাংবাদিকসকলক শিকোৱাৰ সুবিধা লাভ কৰিব। ইংৰাজী, হিন্দী, তামিল, তেলেগু, বাংলা, মাৰাঠী আৰু কন্নড় ভাষাত প্রশিক্ষণ প্রদান কৰা হ’ব। এই প্রশিক্ষণৰ মূল ফকাছ হ’ব ফে” চেকিং, অনলাইন ভেৰিফিকেচন আৰু সাংবাদিকসকলৰ বাবে ডিজিটেল হাইজিন। এই প্রশিক্ষণ দিবলৈ বিশেষজ্ঞসকল থাকিব। যিয়ে সাংবাদিকসকলক ফার্স্ট ড্রাফট, ষ্টোৰিফুল, অল্ট নিউজ, বুম লাইভ, ফে” চেকাৰ আৰু ডাটা লিডছ সম্পর্কে প্রশিক্ষণ প্রদান কৰিব। উল্লেখ্য যে, এই প্রশিক্ষণে সাংবাদিকসকলক ভিন্ন ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি মত পােষণ কৰিছে বিশেষজ্ঞসকলে। এই ব্যতিক্রমী সিদ্ধান্তৰ বাবে সকলােৱে গুগল ইণ্ডিয়াক প্রশংসাৰে উপচাই পেলাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close