আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

সমুদ্ৰতলিত এখন আশ্চৰ্যকৰ জগত

মানুহে মহাকাশৰ বহু ৰহস্য সমাধান কৰিলেও গভীৰ সমুদ্রৰ অনেক অংশ এতিয়াও মানুহৰ বাবে ৰহস্যৰ আৱৰ্তত। এদল গৱেষকে এই সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে। শেহতীয়া তথ্য অনুসৰি ব্ৰেমেন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সমুদ্রৰ গভীৰতাত এখন আশ্চৰ্যকৰ জগতৰ সন্ধান পাইছে। সেই প্রাচীৰ প্রায় ১০০ মিঃ উচ্চতাৰ লগতে ৪০০ কিঃমিঃ জুৰি আছে। শীতল পানীৰ প্রৱালৰ দ্বাৰা গঠিত এই প্রাচীৰটো। এই প্রৱাল হাজাৰ হাজাৰ মিটাৰ গভীৰতাতাে কোনাে পােহৰ অবিহনে বাছি থাকিব পাৰে। সমুদ্ৰৰ গভীৰতাত থকা তুষাৰকণাৰ দৰে তৰাসমূহে প্রৱালসমূহক বছাই ৰাখে। কিন্তু সমুদ্রৰ গভীৰতাত ইয়াৰ পৰিমাণ কম হােৱাৰ ফলত প্রৱালসমূহৰ বংশবৃদ্ধিৰ হাৰৰ মাত্রাও কম। এহেজাৰ বছৰত ইয়াৰ উচ্চতা মাত্র ১৫ মিঃ বৃদ্ধি পায়। তথাপিও গৱেষকসকলে কেইবাবছৰ ধৰি অভিযান চলােৱাত এটি অসাধাৰণ আকাৰৰ প্রৱালৰ সন্ধান পাইছে। ইয়াৰ উচ্চতা প্রায় ৩০০ মিঃ হােৱাৰ লগতে ই দেখিবলৈ আইফেল টাৱাৰ বা বার্লিনৰ টেলিভিছন টাৱাৰৰ লেখীয়া। মৌৰিতানীয়া উপকূলত এইসমূহ প্রাচীৰ কেনেকৈ সৃষ্টি হ’ল এই কথা জানিবলৈ ক্লাউচিয়া ভিনবাৰ্গ আৰু তেওঁৰ সহকর্মীসকলে বিভিন্ন স্তৰত জমি থকা পাথৰ সদৃশ প্রৱাল সংগ্রহ কৰিছে। গৱেষণাত প্রমাণিত হৈছে সেই প্রাচীৰসমূহ প্রায় ১০ লাখ বছৰ ধৰি বাঢ়ি যাবলৈ ধৰিছে। কিন্তু  অক্সিজেন ঘনত্ব অত্যন্ত কম হােৱাৰ ফলত প্রাচীৰ সংখ্যাও দিনক দিনে কমি আহিবলৈ ধৰিছে। কিন্তু ভিডিঅ’ কেমেৰাৰ পর্যবেক্ষণত পুনৰ ইয়াৰ অৱস্থিতি ধৰা পৰিছে। কিন্তু পূর্বৰ পৰিৱেশৰ প্রতি লক্ষ্য কৰিলে এনে ধৰণৰ অৱস্থিতি অসম্ভৱ। কিন্তু তাৰ মাজতে ইয়াৰ অৱস্থিতি সম্ভৱক লৈ বিমােৰত পৰিছে বৈজ্ঞানিকৰ দলটো। গৱেষকসকলৰ ধাৰণা সমগ্র বিশ্বৰ সমুদ্রত পূর্বৰ তুলনাত আৰু অধিক অংশ অক্সিজেনৰ ঘনত্বৰ অভাৱ দেখা দিব। ফলত জলবায়ু পৰিৱর্তনৰ কু-প্রভাৱৰ সমান্তৰালকৈ গভীৰ সমুদ্রৰ চাপৰ বর্ধিত এক কাৰণ হৈ পৰিব। প্ৰৱাল প্রাচীৰ সৃষ্টিৰ ক্ষেত্ৰত লােফেনিয়া পাটুচা নামৰ এবিধ শীতল পানীৰ প্রৱাল প্রজাতিয়ে এক উল্লেখযােগ্য ভূমিকা পালন কৰে। পাথৰত ইয়ে শাখা-প্রশাখা বিস্তাৰ কৰি বিশাল প্রাচীৰ গঢ়ি তােলে। এই প্রাচীৰতেই তমাছ, চি আৰ্চিন আদি নানা সাগৰীয় প্রাণীয়ে বাহ সাজে। এই শীতল পানীৰ গহ্বৰসমূহক গভীৰ সমুদ্রৰ বায়’ ইঞ্জিনীয়াৰ বুলি কোৱা হয়। বাণিজ্যিক স্বার্থত এনে কিছু প্রজাতিৰ মাছ ধৰা হয়, যিয়ে এনে গহ্বৰত কণী পাৰে, খাদ্য সংগ্রহ কৰে অথবা কেতিয়াবা তাত আশ্রয় পায়। অর্থাৎ গভীৰ সমুদ্ৰৰ জৈৱ বৈচিত্র্য গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি বৰ্তমানলৈকে চাৰি হাজাৰতকৈয়াে অধিক প্রজাতিৰ প্রাণী এই গহ্বৰৰ পৰা আৱিষ্কৃত কৰা হৈছে। প্রত্যেকটো অভিযানতে ইয়াৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। তেনেস্থলত শীতল পানীৰ প্রৱালত এইসমূহ প্রাণীৰ বংশবৃদ্ধি সম্পর্কে কোনাে তথ্য পােহৰলৈ অহা নাই। বৈজ্ঞানিকৰ দলটোৱে এই সন্দৰ্ভত বর্তমানেও গৱেষণা অব্যাহত ৰাখিছে। সমুদ্ৰৰ গভীৰতাত যে এনে এখন ৰহস্যময় তথা মাছময়ী জগতৰ সন্ধান পােৱা যাব সেয়া বৈজ্ঞানিকসকলৰ কল্পনাতকৈয়াে অধিক আছিল। প্রথমাৱস্থাত আচৰিত হৈছিল যদিও বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত এক উচিত সিদ্ধান্তত উপনীত হ’ব পাৰিছে বৈজ্ঞানিক দলটোৱে।কাৰণ যিয়ে নহওক কিয় নিঃসন্দেহে ই এক বিজ্ঞানৰ জগতখনৰ বাবে ভাল খবৰ বুলিয়ে ক’ব পাৰি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close