আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

সমুদ্রপৃষ্ঠত ৰবৰ্ট

সমুদ্রপৃষ্ঠৰ জৈৱ বৈচিত্র্য তথা অন্তর্নিহিত ৰহস্য পর্যবেক্ষণৰ বাবেই জেলিফিছ আকৃতিৰ এটি ৰবৰ্ট আৱিষ্কাৰ কৰি উলিয়াইছে বৈজ্ঞানিকৰ এটি দলে। শেহতীয়া তথ্য অনুসৰি ফ্লোৰিডা আটলান্টিক ইউনিভাৰছিটিৰ কেইগৰাকীমান গৱেষকে এই প্রচেষ্টা হাতত লৈছে। এই জেলিফিছ আকৃতিৰ ৰবৰ্টসমূহ সমুদ্রপৃষ্ঠৰ প্রতিটো দিশ ভালকৈ চালিজাৰি চোৱাত বিশেষভাৱে সক্ষম বুলি প্রমাণিত হৈছে। এইসমূহৰবৰ্টে সমুদ্রপৃষ্ঠৰ জৈৱ বৈচিত্র্যক কোনােধৰণৰ ক্ষতিসাধন নকৰে। কিন্তু এইসমূহৰবৰ্ট যিহেতু জেলিফিছৰ লেখীয়া তেন্তে ইয়াক কাছসমূহে হয়তাে খাদ্য হিচাপে গ্ৰহণ কৰিবও পাৰে। সেয়ে ইয়াক লৈ বর্তমান আশংকা প্রকাশ কৰা হৈছে। নমনীয় আকাৰৰ এইসমূহ জেলিফিছ ৰবৰ্টৰ উচ্চতা প্রায় ২০ ছেঃমিঃ। এইসমূহক মুন জেলিফিছ আকৃতিত নিৰ্মাণ কৰা হৈছে। সাইলাখ জেলিফিছৰ লেখীয়া এই ৰবৰ্টসমূহক দেখি হয়তাে সমুদ্র পৃষ্ঠৰ জীৱকুলাে আশংকা প্রকাশ নকৰিব। জীৱকুলৰ প্রতি লক্ষ্য ৰাখিয়েই এই ৰবৰ্টসমূহক জেলিফিছৰ আকৃতি প্রদান কৰা হৈছে। সেয়ে কোনাে অসুবিধা নােহােৱাকৈয়ে ৰবটসমূহে নিজৰ কর্ম অনায়াসে সম্পাদন কৰিব পাৰিব।শেহতীয়া তথ্য অনুসৰি এই ৰবৰ্টসমূহে কর্ম সম্পাদন কৰাৰ সময়ত কোনাে ধৰণৰ শব্দ নহ’ব। যাৰ ফলত পর্যবেক্ষণত যথেষ্ট সহায়ক হ’ব। অলপতে সমুদ্রপৃষ্ঠৰ অক্সিজেনৰ পৰিমাণ, সমুদ্রপৃষ্ঠৰ আঁসােৱাহসমূহ এই ৰবৰ্টসমূহৰ জৰিয়তে ধৰা পেলােৱা যাব। সমুদ্রপৃষ্ঠৰ প্রতিটো আঁসােৱাহ এই ৰবৰ্টসমূহে ভিডিঅ’ৰ জৰিয়তে দাঙি ধৰিব। এটি বিশেষ গতিত চলাচল কৰি ৰবৰ্টসমূহে নিজৰ কর্মসম্পাদন কৰি যাব। দেখিবলৈ প্রকৃত জেলিফিছৰ লেখীয়া হােৱা হেতুকে এই ৰবৰ্টসমূহক সাগৰীয় কোনাে প্রাণীয়ে খাদ্য হিচাপে গ্রহণ কৰাৰ ফলত কিছু নেতিবাচক প্রভাবাে পৰিব বুলি মত প্রকাশ কৰিছে বৈজ্ঞানিকৰ দলটোৱে। এই সমস্যা সমাধানৰ পথাে নির্বাচন কৰি উলিয়াইছে বৈজ্ঞানিকৰ দলটোৱে। এই জেলিফিছ আকৃতিৰ ৰবৰ্টসমূহত এক হৃদবিহীন পদার্থ প্রয়ােগ কৰা হ’ব যিয়ে সমুদ্রপৃষ্ঠৰ জীৱসমূহক ইয়াৰ পৰা বিৰত ৰাখিব। সঁচাকৈয়ে এই ৰবৰ্টসমূহ নিজৰ কৰ্ম সফলভাৱে সম্পূর্ণ কৰে তেন্তে সমুদ্রপৃষ্ঠৰ বহু নজনা ৰহস্য ইয়াৰ জৰিয়তেই পােহৰলৈ অহাৰ পূর্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close