আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

সমুদ্রপৃষ্ঠত পােষ্টব’ক্স

বর্তমান সময়ৰ ই-মেইল, মেছেজ, হােৱাটছএপৰ যুগত চিঠিৰ প্ৰচলন তেনেকৈ নাই বুলিয়েই ক’ব পাৰি। সেয়ে লেটাৰ বক্সসমূহাে এলাগী হৈ পৰিছে। কোনাে চহৰৰ গলিৰ চুকত একান্তমনে পৰি ৰৈছে এই বক্সসমূহ। ফলত ইতিহাসৰ পৃষ্ঠাত লুকাই যাবলৈ উপক্ৰম হৈছে এই লেটাৰ বক্সসমূহ।কিন্তু এই যুগতাে এটি লেটাৰবক্সে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল সমাদৰে নহয় হাজাৰ হাজাৰ পৰ্যটকৰ মূল আকর্ষণ এই বক্সটো। বক্সটোত হাজাৰ হাজাৰ চিঠি নিয়মিতভাৱে জমাও হৈছে। এই লেটাৰ বক্সটোত চিঠি দিবলৈ প্রতি বছৰে বহু দেশ-বিদেশৰ পর্যটক ইয়ালৈ আহে। এতিয়া আহাে মূল কথালৈ। হয়তাে মনলৈ প্রশ্ন উত্থাপন হৈছে যে বর্তমান আধুনিকতাৰ যুগতাে এই লেটাৰ বক্সটোৰ সমাদৰ ইমান কিয় ? এই বিশেষ লেটাৰ বক্সটোৰ সন্ধান পােৱা গৈছে সমুদ্রৰ গভীৰত। শেহতীয়া তথ্য অনুসৰি এই লেটাৰ বক্সটো আছে জাপানৰ চুচামি চহৰত। জাপানৰ এই চহৰখন মূলত মৎস্যজীৱী লােকৰ বসতি। ১৯৯৯ চনৰ এপ্রিল মাহত ইয়াত ‘কুমানােকোদো’ ধর্মীয় উৎসৱক কেন্দ্ৰ কৰি পর্যটন প্রসাৰৰ উদ্যোগ হাতত লােৱা হৈছিল। সেই সময়ৰ এগৰাকী প্রবীন পােষ্টমাষ্টৰৰ পৰামর্শ অনুযায়ী ‘ডিপ চি ডাইভিং’নামৰ এটি লেটাৰ বক্স গঢ়ি তােলে। আৰু ইয়াৰ প্রধান অংগ হিচাপে সমুদ্রৰ গভীৰত স্থাপন কৰা হয় এই ‘আণ্ডাৰ ৱাটাৰ পােষ্টবক্স। সমুদ্র পৃষ্ঠৰ ১০ মিঃ দূৰত অর্থাৎ ৩২ ফুট গভীৰতাত সংস্থাপন কৰা হৈছে এই পােষ্ট বক্সটো। ১৯৯৯ চনৰ পৰা বৰ্তমানলৈকে ইয়াত মুঠ ৩৬ হাজাৰ চিঠি জমা হৈছে। এতিয়া পুনৰবাৰ প্রশ্ন হয় যে পানীৰ মাজত এই চিঠিসমূহ কেনেকৈ সুৰক্ষিত অৱস্থাত থাকে। শেহতীয়া তথ্য অনুসৰি ইয়াৰে স্থানীয় দোকানত পােৱা যায় বিশেষ ৱাটাৰ প্রুফ কাগজ, খাম আৰু মার্কাৰ পেন। এই মার্কাৰ পেনেৰে ৱাটাৰপ্ৰফ পেপাৰত চিঠি লিখি পানীৰ তললৈ গৈ নিজেই পােষ্ট কৰে পর্যটকসকলে। নির্দিষ্ট সময়ত পােষ্টেল ড্রাইভাৰসমূহে সেইসমূহত চিঠি তুলি আনি স্থানীয় ডাকঘৰলৈ প্ৰেৰণ কৰে। আৰু ইয়াৰে এসপ্তাহৰ ভিতৰত এই চিঠিসমূহ নির্দিষ্ট ঠাইলৈ পঠিয়াই দিয়া হয়। উল্লেখ্য যে, ছমাহৰ অন্তৰালত এই পােষ্ট বক্সটো ৰং আৰু মেৰামতিৰ বাবে সমুদ্রপৃষ্ঠৰ পৰা তুলি অনা হয়। দুটাকৈ পােষ্ট বক্স এইদৰেই সলনি কৰা হয় এটি বছৰৰ ভিতৰত। ২০০২ চনত ডিপেষ্ট আণ্ডাৰ ৱাটাৰ পােষ্ট বক্স হিচাপে গীনিছ ৱর্ল্ড ৰেকৰ্ডৰাে সন্মান লাভ কৰিবলৈ সক্ষম হয় চুচামিৰ এই পােষ্ট বক্স’টোৱে। তেন্তে চুচামিৰ এই পােষ্টবক্সটোৱে যে বিশ্বৰ একমাত্র ‘আণ্ডাৰ ৱাটাৰ পােষ্টব” তেনে নহয়। কাৰণ ইয়াৰ পূর্বেও প্রশান্ত মহাসাগৰৰ ভানুয়াত দ্বীপৰাষ্ট্ৰত পৰ্যটকৰ আকৰ্ষণৰ বাবে পােনপ্ৰথমে নির্মাণ কৰা হৈছিল আণ্ডাৰ ৱাটাৰ পােষ্টবক্স। আৰু ইয়াৰ অনুকৰণ কৰিয়েই জাপানৰ চুচামিত নির্মাণ কৰা হয় এই আণ্ডাৰ ৱাটাৰ পােষ্ট’বক্স।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close