আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

সমুদ্রপৃষ্ঠত উৰন্ত মাছ

বিচিত্র জগতৰ আশ্বর্যকৰ প্ৰাণীৰ অন্ত নাই। সমুদ্রপৃষ্ঠত বর্তমানেও এনে বহু প্রাণী আছে যাৰ হয়তাে এতিয়ালৈকে পৰিচয় লাভ কৰা হােৱা নাই। কিছুমাহ পূর্বেও এনে এক অদ্ভূট মাছৰ সন্ধান পােৱা গৈছিল। যিয়ে মাছৰ অন্য এটি প্রজাতিৰ সন্ধান দিছিল। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে আন এবিধ মাছ। যিবােৰ মাছক সাধাৰণতে উৰন্ত মাছ ফ্লায়িং ফিছ বুলি কোৱা হয়। এইসমূহ মাছে চৰাইৰ দৰে উৰিব নােৱাৰিলেও পানীৰ চৌদিশে জপিয়াই উৰা-ফুৰা কৰি থাকে। শত্ৰুৰ হাতৰ পৰা মুক্তি পাবলৈ এই পদ্ধতি অৱলম্বন কৰে এই প্রজাতিৰ মাছসমূহে। এইসমূহ মাছ সাধাৰণতে উষ্ণ সমুদ্রীয় অঞ্চলত দেখিবলৈ পােৱা যায়। সিহঁতৰ ষ্ট্রিমলাইনত টর্পেডাে আকৃতিৰ ফিছা আৰু পাখিৰ সহায়ত পানীৰ ওপৰত জঁপিয়াই উৰি ফুৰে। সেয়ে এইসমূহ মাছক চিকাৰ কৰিবলৈ অন্য মাছ বা প্রাণীসমূহে যথেষ্ট কষ্ট কৰিবলগীয়া হ’ল। এই উৰন্ত মাছসমূহৰ খাদ্য হ’ল প্ল্যানকটন। বর্তমানলৈকে ৪০টা প্রজাতিৰ এই উৰন্ত মাছ চিনাক্ত কৰা হৈছে। ইয়াৰে কিছু সংখ্যক মাছ আকৌ ফৰ উইং ফ্লাইং ফিছ হিচাপেও পৰিচিত। এই মাছসমূহে চাৰি ফুটৰ পৰা ৬৫৫ ফুট পর্যন্ত উৰিব পাৰে। ইহঁতৰ গতিবেগ ঘণ্টাত ৬০ কি.মি.। আনহাতে এই প্রজাতিটোৱে ১৩১২ ফুট উচ্চতালৈকে উৰিব পাৰে। মাছসমূহৰ উৰি যােৱাৰ দৃশ্যটো দেখিবলৈ খুবেই ধুনীয়া। প্রথমে মাছটোৱে সমুদ্র পৃষ্ঠত জপিয়াই উঠে। তাৰ পিছতেই মাত্র এক চেকেণ্ডত ৭০বাৰ সমুদ্র পৃষ্ঠত ফিছা জোকাৰি ওপৰলৈ অগ্ৰসৰ হয়। লগে লগে পাখিসমূহ মেল খাই ওপৰলৈ গতি কৰে। উল্লেখ্য যে, এই মাছসমূহৰ উৰাৰ মূল ৰহস্য হ’ল এই মাছৰ বুকু আৰু পাখি অংশ যথেষ্ট বহল। ফলত উৰিবলৈ পাখিসমূহে যথেষ্ট সহায় কৰে। কোনাে কোনাে প্রজাতিৰ আকৌ বহিৰ অংশ অন্য মাছৰ তুলনাত যথেষ্ট বৃহৎ হয়। ইহঁতৰ ফিছাৰ পৰিসৰাে যথেষ্ট বৃহৎ। ফলত শত্রুপক্ষক ফিছাৰে প্রত্যক্ষ আক্রমণ কৰে এই উৰন্ত মাছে। সাগৰীয় বিচিত্র প্রাণীসমূহৰ ভিতৰত এই ফ্লাইছ ফিছ বা উৰন্ত মাছৰ প্ৰজাতিটো হৈছে অন্যতম তথা বিৰল হিচাপে ইতিমধ্যেই চিহ্নিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close