অসমবিশেষশীৰ্ষ

সমাজকৰ্মী কিশোৰ হাজৰিকালৈ গ্লৱেল এচিভাৰ এৱাৰ্ড

দল সংগঠনৰ অভিনন্দন জ্ঞাপন

গ্ৰীণ আছিয়ানাৰ স্বত্বাধিকাৰী সমাজকৰ্মী কিশোৰ হাজাৰিকালৈ গ্লৱেল এচিভাৰ এৱাৰ্ড প্ৰদান কৰে ।সমাজকৰ্মী গৰাকীয়ে পৰ্যটনৰ উপৰিও সাহিত্য সংস্কৃতিৰ লগতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত কৰি অহা জনহিতকৰ কামৰ বাবেই ডুবাইত গ্লৱেল এচিভাৰ এৱাৰ্ড বঁটাৰে সন্মানিত কৰে ।

ডুবাইৰ অল খুৰি এক্সজিকিউটিভ হোটেলত চিংগাপুৰ ,শ্ৰীলংকা আদিৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰে । হাজৰিকাই এই বঁটা গ্ৰহণ কৰি সমাজখনৰ বাবে কৰিবলগীয়া বহু আছে বুলি কোৱাৰ লগতে এনে ধৰণৰ বঁটাই কাম কৰাৰ ক্ষেত্ৰত অধিক প্ৰেৰণা যোগাই বুলিও উল্লেখ কৰে । আনহাতে এই সন্মান লাভ কৰি বিশ্বনাথ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ চাৰিআলি প্ৰেছক্লাৱ,বিশ্বনাথ জিলা আপকু,বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ উপৰিও জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, ৰূপজ্যোতি শইকীয়া, জগতাৰ সিং ফ্লুৰা আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close