অসমবিশেষশীৰ্ষ

সমন্বয়ৰ বাৰ্তাৰে সফল সামৰণি পৰিল বৃহত্তৰ লেহুগাও সাৰ্বজনীন ৰাস মহোৎসৱৰ

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

ৰাজ্যৰ ভিন্ন স্থানত ৰাস উপভোগ কৰিছো। পুৰ্বে অভিনয়ো কৰিছো।কিন্তু আজি লেহুগাৱৰ এই মনোমোহা বৃন্দাবনত উপস্থিত হৈ মই সচাই অভিভুত হৈ পৰিছো। ইমান সুন্দৰ দৃশ্যসজ্জা, ইমান আলোকসজ্জা, দৰ্শকৰ বিৰদি বাটনোপোৱা এই পৰিবেশ সচাই অপুৰ্ব। বুধবাৰে নিশা ৰাজ্যৰ অন্যতম সৰ্ববৃহৎ বৃহত্তৰ লেহুগাওঁ সাৰ্বজনিন ৰাস মহোৎসৱৰ সাংস্কৃতিক কাৰ্য্যসুচি উদ্বোধন কৰি এই মন্তব্য কৰে বতদ্ৰৱা সমষ্টিৰ বিধায়ক, মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাই। ৰাস উৎসৱ সমিতিৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই আঁত ধৰা উদ্ধোধনি অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত তেওঁ লেহুগাও বাসীৰ এনে প্ৰয়াসৰ শালাগ লয়। লেহুগাৱৰ ৰাস অপুৰ্ব বুলি পুৰ্বে শুনিছিলো, আজি প্ৰতক্ষ্য কৰিলো বুলি উল্লেখ কৰা বটদ্ৰৱাৰ বিধায়ক ডেকাই ইতিমধ্যে এই ৰাস মহোৎসৱে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। অষ্টাদশ বাৰ্ষিক এই ৰাস মহোৎসৱে শতবৰ্ষ গৰকক বুলি মন্ত্যব কৰি অনাগত দিনত সাফল্যৰ এই ধাৰা অব্যাহত থাকিব বুলি অশা প্ৰকাশ কৰে। বিশ্বনাথ চাৰিআলিৰ লেহুগাও ৰাজহুৱা মৈদানত মহা আড়ম্বৰ পুৰ্ন ভাৱে যোৱা ১০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বৃহত্তৰ লেহুগাও সাৰ্বজনীন ৰাস মহোৎসৱৰ কালি নিশা সফল সামৰনী পৰে। বৰ্ষযোৰা প্ৰস্তুতি আৰু ব্যয়বহুল ব্যৱস্থাপনাৰে অনুষ্ঠিত কৰা অষ্টাদশ বাৰ্ষিক ৰাস মহোৎসৱৰ দুয়োনিশাৰে সাংস্কৃতিক কাৰ্য্যসুচিত অগনন ভক্তপ্ৰান ৰাইজে ভগৱান শ্ৰীকৃষ্ণৰ মহিমামণ্ডিত শিশুলীলাৰ আধাৰত ৰচিত অনন্ত শৰ্য্যা, দৈৱকিৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ আৰু কালীয়দমন নাটৰ নৃত্যনাটিকাৰ লগতে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কালজয়ি কেলিগোপাল নাটৰ ভাওনা উপভোগ কৰি নয়ন সাৰ্থক কৰে। প্ৰথম নিশাৰ সাংস্কৃতিক কাৰ্যসুচী উদ্বোধন কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই উত্তৰ অসমৰ ৰাইজে এক অন্যন্য আৰু ব্যতিক্ৰমী শৈলীৰে ৰাস মঞ্চস্থ কৰি অসমীয়া সংস্কৃতিৰ ভৰাল চহকি কৰিছে বুলি মন্তব্য কৰে। তেওঁ মাজুলি অথৱা নামনি অসমৰ ৰাস মোহোৎসৱ সমুহৰ দৰে বিশ্বনাথৰ মুকলি ৰাসে প্ৰচাৰ লাভ নকৰাত দুখ প্ৰকাশ কৰে। সত্ৰ নগৰীৰ দৰে বিশ্বনাথৰ মুকলি ৰাসকো চৰকাৰে পৃষ্ঠপোষকতা কাৰাটো প্ৰয়োজন বুলি কয় কলাগুৰুৰ পুত্ৰয়। মুকলি মঞ্চত দৃষ্টনন্দন দৃশ্যসজ্জা আৰু অত্যাধুনিক আলোকসজ্জৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ প্ৰথম নিশাৰ ৰাধাৰ চৰিত্ৰত অভিনয় কৰা বলিষ্ঠ আৰু জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে দেশ বিদেশত গুৰুজনাৰ মহান সৃষ্টি প্ৰচাৰ প্ৰসাৰৰ স্বাৰ্থত দেশী বিদেশী পৰ্য্যটকক বিশ্বনাথৰ মুকলি ৰাস উপভোগৰ বাবে আহ্বান জনায়। সম্পুৰ্ন ব্যতিক্ৰমি শৈলীৰে বিশ্বনাথত মঞ্চস্থ কৰা এই মুকলি ৰাস মহোৎসৱক মাজুলীৰ দৰে মৰ্যদা প্ৰদান কৰাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকিয়ে। মুকলি বৃন্দাৱনত ৰাধাৰ চৰিত্ৰত অভিনয় কৰাৰ অনুভুতিয়েই সুকীয়া বুলি উল্লেখ কৰি দ্বিতিয় নিশাৰ ৰাধাৰ ভাৱত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাই পৰ্যটকৰ আগমনে বিশ্বনাথৰ ৰাসক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে এইবেলিৰ ৰাস মোহোৎসৱত মুহিনীৰ ভাৱত জনপ্ৰিয় অভিনেত্ৰী তৃষ্ণা কুৰ্মী আৰু নন্দৰ ভাৱত সুদৰ্শন অভিনেতা অৰ্নৱ আয়ানে অভিনয় কৰে। শিৰোমনীক্ষাত জনপ্ৰিয় শিল্পী মানস ভাগৱতিৰ সুমধুৰ কণ্ঠ এইবেলিৰ ৰাস মহোৎসৱৰ এক অন্যতম বলিষ্ঠ দিশ। থলুৱা অখ্যাত শিল্পীৰ হাতৰ পৰশত প্ৰান পাই উঠা দৃষ্টি নন্দন বৃন্দাৱন আৰু স্থানীয় অভিনেতা অভিনেত্ৰী সকলৰ সুন্দৰ অভিনয়ে এই বেলিৰ ৰাস মহোৎসৱক পুৰ্নতা প্ৰদান কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close