বিচিত্র জগতবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

সবাতোকৈ দীঘল চুলিৰ অভিলেখ গুজৰাটৰ নীলাংশী পেটেললৈ

গিনীজ ৱৰ্ল্ড ৰেকৰ্ডে আগবঢ়ালে এই সন্মান

বিভিন্ন সময়ত বিভিন্নজনে নিজৰ প্ৰতিভাৰে বিশ্ববাসীক চমক দিয়াটো নতুন কথা নহয়।কিয়নো প্ৰতিভা সকলোৰে থাকে।কিন্তু শেহতীয়াকৈ প্ৰতিভাৰ বাবে নহয় দীঘল চুলিৰ বাবেহে চৰ্চালৈ আহিছে গুজৰাটৰ এগৰাকী কিশোৰী। যিয়ে নিজৰ বিশ্ব অভিলেখ নিজেই ভাঙিবলৈ সক্ষম হৈছে।কিশোৰী গৰাকীৰ নাম নীলাংশী পেটেল।

অপ্ৰাপ্তবয়স্কলকৰ ভিতৰত সকলোতকৈ দীঘল চুলিৰ অভিলেখ পূৰ্বে তেওঁৰ দখলতেই আছিল যদিও বৰ্তমান সময়ত সেই অভিলেখ আৰু অধিক মজবুত কৰিলে নীলাংশীয়ে । ২০১৮ চনতেই অপ্ৰাপ্তবয়স্ক সকলৰ ভিতৰত সকলোতকৈ দীঘল চুলিৰ অভিলেখ দখল কৰিছিল নীলাংশীয়ে। তেতিয়া তেওঁৰ চুলিৰ দৈৰ্ঘ্য আছিল ১৭০.৫ চেণ্টিমিটাৰ অৰ্থাৎ চাৰে পাঁচ ফুট। নিজৰ এই অভিলেখ ভংগ কৰি এতিয়া তেওঁৰ চুলিৰ দৈৰ্ঘ্য হৈছেগৈ প্ৰায় ১৯০ চেণ্টিমিটাৰ অৰ্থাৎ ৬ ফুট ৩ ইঞ্চি।সেয়ে তেওঁ লাভ কৰিছে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ।নতুন অভিলেখ সৃষ্টি কৰি নীলাংশীৰ ভাষ্য অনুসৰি তেওঁ কোনো দিনে নিজৰ চুলি কাটিব নিবিচাৰে।এই চুলি তেওঁৰ অতি প্ৰিয়। তেওঁৰ এই দীঘল চুলিৰ ৰহস্য কি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মায়ে বিশেষ কিছুমান উপাদান দি ঘৰুৱা পদ্ধতিত এবিধ বিশেষ তেল প্ৰস্তুত কৰে।” পিছদিনাৰ পৰাই সেই তেল ব্যৱহাৰ কৰে।আনহাতে, ইমান দীঘল চুলিৰ বাবে কিবা অসুবিধা হয় নেকি বুলি সোধাত তেওঁ একো অসুবিধা নহয় বুলিও জনায়। সপ্তাহত এবাৰ মাত্ৰ তেওঁ চুলি ধোৱে। চুলি শুকাবলৈ লাগে প্ৰায় আধাঘণ্টা। আৰু ফণীৰে চুলিৰ জোঁট ভাঙিবলৈ সময় লাগে প্ৰায় এঘণ্টা।ভৱিষ্যতে ছফটৱেৰ ইঞ্জিনীয়াৰ হ’ব বিচাৰে নীলাংশীয়ে।যেতিয়া তেওঁৰ মাতৃয়ে চুলিৰ জোঁট ভাঙিব বহে, তেতিয়া তেওঁৰ হাতত কিতাপ থাকে। নিজৰ মতেই তেওঁ পঢ়া আগবঢ়াই নিয়ে। এইটো তেওঁৰ আবেলিৰ অভ্যাস। নীলাংশী এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। জইণ্ট এণ্ট্ৰেন্স পৰীক্ষাৰো প্ৰস্তুতি চলাই গৈছে নীলাংশীয়ে। উল্লেখযোগ্য যে, কাৰণ যিয়ে নহওক কিয় নীলাংশীৰ এই দীঘল চুলিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close