
পৃথিৱী ৰহস্যময়ী। এই ৰহস্যময়ী পৃথিৱীত জনা-নজনাকৈ বহুতাে ঘটনা ঘটি থাকে। যিবােৰ অবিশ্বাস্য সেইবােৰেই সঁচা। সপােনৰ বিষয়েও তেনে বহুতাে কাহিনী শুনিবলৈ পােৱা যায়। কোৱা হয় মাজ ৰাতিৰ সপােন সঁচা হয়। কিছুসপােন পূর্বজন্মৰ লগতাে জড়িত হৈ থাকে। শেহতীয়াকৈ জাপানৰ এদল বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে সপােনক ধৰি ৰাখিবপৰা যন্ত্র। যাৰ জৰিয়তে গম পােৱা যাব সপােনৰ ৰহস্য। অবিশ্বাস্য যেন লাগিলেও সেয়া সঁচা। জাপানৰ বিজ্ঞানীসকলে বিগত দহ বছৰ ধৰি সপােনৰ আমােদজনক আৰু ৰহস্যময়ী ঘটনাক লৈ গৱেষণা কৰি আছে। এখন বিজ্ঞানভিত্তিক ছবিত দেখুওৱা দৃশ্যবােৰ তেওঁলােকে বাস্তৱায়িত কৰিব বিচাৰিছে। কিছুবছৰ পূর্বে, মানুহৰ মস্তিষ্কৰ সংকেত ধৰি ৰাখিব পৰা এটা যন্ত্র উলিওৱা হৈছিল যাৰদ্বাৰা এজন মানুহেসপােনত কি দেখিছে তাক ধৰিব পৰা গৈছিল। যেতিয়া আমি কোনাে সপােন দেখাে, আমাৰ মস্তিষ্কত এক ধৰণৰ তন্ত্রীকাৰ সৃষ্টি হয়। যাৰ কাৰণ হৈছেমস্তিষ্কৰ সক্রিয়তা। আনহাতে, মন সক্রিয় হলে তন্ত্রীকাবােৰে মস্তিষ্কলৈ বার্তা প্রেৰণ কৰে। সপােন দেখাৰ সময়তাে কিছু তন্ত্রীকা সক্রিয় হৈ থাকে। কম্পিউটাৰৰ এপৰিথম’ পদ্ধতিৰ সহায়ত মনত উৎপন্ন হােৱা এই তন্ত্রীকাবােৰক ধৰিব পৰা যায়। গৱেষণা অনুসৰি, যেতিয়া আমি কোনাে বস্তু অথবা দৃশ্য দেখাে, সেই সময়ত আমাৰ মনত এক বিশেষ তন্ত্রীকাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, আমি যদি সপােনত ঘৰ দেখাে তেন্তে মনে সেইধৰণৰ তন্ত্রীকাৰ সৃষ্টি কৰিব। যাৰ দ্বাৰা বুজিব পৰা যায় এজন ব্যক্তিয়ে সপােনত কি দেখিছে। ঠিক একেদৰে, বিজ্ঞানীসকলে বনােৱা এই ‘ড্রীম ৰিডাৰ যন্ত্ৰতাে এপৰিথম পদ্ধতিৰে দৃশ্য বনাই সপােন ৰেকৰ্ড কৰিব পৰা যায়। এই বিষয়ত বর্তমান গৱেষণা চলি আছে।