অসমশীৰ্ষ

সংগীত নাটক একাডেমীৰ ওষ্টাদ বিচমিল্লাখান যুৱ বঁটা পাঠশালাৰ যুৱক কুলদ্বীপ পাটগিৰীলৈ

ভাৰত চৰকাৰৰ সংগীত , নাট – নৃত্য বিভাগৰ স্বতন্ত্ৰ সংস্থা সংগীত নাটক একাডেমীৰ ওষ্টাদ বিচমিল্লাখান যুৱ বঁটা ‘ মুকাভিনয়ৰ’ বাবে অসম তথা বজালী মহকুমাৰ সদৰ পাঠশালাৰ নিবাসী কুলদ্বীপ পাটগিৰীক প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যম যোগে একাডেমীৰ তৰফৰ পৰা ঘোষণা কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ তথা কৰ্মৰত কুলদ্বীপ পাটগিৰীয়ে মুকাভিনয় ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে একমাত্ৰ তেওঁক ‘মুকাভিনয়ৰ’ বাবে এই বঁটাৰ নিৰ্বাচিত কৰা হৈছে । পাঠশালাৰ নিবাসী কুলদ্বীপ পাটগিৰীয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব মাণ্ডলীক কেন্দ্ৰই আগবঢ়োৱা যুৱ প্ৰতিভা শিল্পী বঁটা ২০১৬ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানীও লাভ কৰিছে । সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক মইনুল হকৰ ছাত্ৰ কুলদ্বীপ পাটগিৰীৰ পৰিচালনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক দলৰ মুকাভিনয় দলে সাতবাৰকৈ পূব মাণ্ডলীক যুৱ মহোৎসৱত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ নাট বিভাগৰ কুলদ্বীপ পাটগিৰী এজন স্বীকৃতি প্ৰাপ্ত বিচাৰক হিচাপেও ইতিমধ্যে নিৰ্বাচিত হৈছে । ‘ অসম মাইম এণ্ড স্কীট ‘ থিয়েটাৰ পৰিচালক কুলদ্বীপ পাটগিৰী ‘ মাইম একাডেমীৰ’ এজন নিয়মীয়া শিল্পী । কুলদ্বীপ পাটগিৰীয়ে দেশে – বিদেশে কেবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ যোগদান কৰি মুকাভিনয় প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত কেবাবাৰো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ কুলদ্বীপ পাটগিৰীয়ে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদকৰ লগতে বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল । পাঠশালাৰ মুগুৰিয়াৰ নিবাসী তৰণী পাটগিৰী , ৰেণু পাটগিৰীৰ জেষ্ঠ সন্তান কুলদ্বীপ পাটগিৰীয়ে এই বঁটা লাভ কৰি সমগ্ৰ অসম তথা বজালী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসম তথা বজালী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close