অসমভাল খবৰশীৰ্ষ

সংগীতৰ যাত্ৰাৰে ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এম টি ভি আনপ্লাগ

গুৱাহাটীত অষ্টম সংস্কৰণ

ভাল খবৰ, গুৱাহাটী: ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদানৰ উদেশ্য আৰম্ভ হোৱা ‘ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এমটিভি আনপ্লাগ, ৰ অষ্টম সংস্কৰণ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব। ভাৰতবৰ্ষৰ বিখ্যাত চহৰ বাৰনসীৰ ৮চিটি টাৱাৰ পৰা আৰম্ভ হোৱা সংগীতৰ এই বিশাল যাত্ৰাই ইতিমধ্যে কলিকতা, নাগপুৰ ৰাচিভি, গুড়গাঁও আদিত সফলভাৱে অনুষ্ঠান পৰিবেশ কৰাৰ পিছত ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিব জনীতা গান্ধী আৰু চাহিদ মালিয়াই তেওঁলোকৰ মনপচন্দ গীত পৰিবেশন কৰি দৰ্শকক আমোদ দিব।

উল্লেখযোগ্য যে, ৰয়েল ষ্টেগ বেৰেল চিলেক্ট
এমটিভি আনপ্লাগ ৰ জৰিয়তেই দিলজিত ডোচান্স, বেণী ডায়েল, গুৰু ৰণধৱা, চুনো নিগম, নীতি মোহনকে ধৰি অনেক খ্যাতি নামা সংগীত শিল্পীয়ে বা এই মঞ্চৰ জৰিয়তেই জনপ্ৰিয়তা লাভ কৰিছে। আনহাতে এই শিল্পী সকলেও এতিয়া ইয়াত অনুষ্ঠান পৰিবেশন কৰিব। ইয়াৰ ওপৰিও গুৱাহাটীত সফলতাৰে অনুষ্ঠান পৰিবেশ কৰাৰ পিছত দিল্লী হায়দৰবাদত সংগীতৰ অনুষ্ঠান কৰা হ’ব।
এই সন্দৰ্ভত পাৰন্দ ৰিচাৰ্ডৰ মুখ্য বাণিজ্যিক বিষয়া কাৰ্তিক মহীনড্ৰাই কয় যে ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এমটিভি আনপ্লাগে ভাৰতীয় সংগীতৰ জয় যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া সচাঁই প্ৰশংসনীয়।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close