অসমচিন্তাজগতবিশেষ

শৰতৰ এটি মিঠা অনুভৱ

ৰূপজ্যোতি ভূঞা: 

বাৰিষাই ধুই নিয়া চৌদিশ এতিয়া ৰঙীন কৰিবলৈ আকৌ আহিল শৰৎ। নিৰৱে ফুলিব ধৰিছে শৰতৰ ফুল। পথাৰৰ সেউজীয়া ধাননি দৰাৰ পৰা নৈ পাৰত ফুলা কহুৱা গছেও আনিছে শৰতৰ বতৰা। ঘৰৰ চোতালত থকা শেৱালী জোপাও ডাল ভৰি ফুলিছে। কণমানিজনীয়ে পুৱাতে উঠি কুকি ভৰাই শেৱালী বুটলি মালা গাঠিছে।

শৰৎ মানেই যেন অফুৰন্ত সৃষ্টিৰ বতৰা। শাওন মাহত কৃষকে পথাৰত ৰচা সেউজীয়া সপোনবোৰ বাস্তৱ ৰূপ পাবলৈ আৰম্ভ কৰে। সেউজীয়া পথাৰৰ ধান গছবোৰ গৰ্ভৱতী হ’বলৈ আৰম্ভ কৰে। শৰততে পথাৰখন সোনালী হ’ব। বাৰিষাৰ বোকা -পানী আৰু সূৰ্যৰ ৰূদ্ৰ ৰূপ পাহৰাবলৈ ধৰাৰ বুকুলৈ নিৰৱে নামিছে শৰৎ৷

পুৱাই দুৱৰিত এটোপাল দুটোপালকৈ কুঁৱলী পৰিব আৰম্ভ কৰিছে। নৈৰ পাৰৰ কঁহুৱাই হালি জালি নাচি আনিছে শৰতৰ বতৰা। এপাহ দুপাহ কৈ ফুলিছে শৰতৰ ভিন্ন ৰঙী ফুল। পুখুৰীত ফুলিছে ভেট। শৰতৰ বতৰত নৈ জান জুৰিৰ পাৰৰ অফুৰন্ত শোভাই অশান্ত কৰে মানুহৰ মন প্ৰাণ। ৰিব্ ৰিব্ মলয়াৰ বা’ ত কঁহুৱাই হালি জালি নাচি উঠি, শেৱালিৰ আমোলমোল গোন্ধলৈকে, নীল আকাশৰ শুকুলা ডাৱৰ অহা যোৱা লৈকে, চোতালত তল সৰা শেৱালি লৈকে মানুহৰ মনবোৰত এতিয়া শাৰদীয় উৎসৱৰ অফুৰন্ত আশা।

শৰৎ মানেই উৎসৱৰ বতৰা। শৰতৰ বতৰত আৰম্ভ হয় শাৰদীয় উৎসৱ। কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব শাৰদীয় উৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ বাবে সকলোৱে প্ৰস্ততি তুংগত উঠিছে। শক্তিনাশীনি দেৱী দুৰ্গা পূজাৰ বাবে অধীৰ আগ্ৰহৰে বাট চাইছে হিন্দু ধৰ্মালম্বী তথা শাক্ত ধৰ্মালম্বী লোক সকলে।

দুৰ্গা পূজা মানে সকলো জাতি জনগোষ্ঠীৰ বাবে মাদকতাময় আনন্দ উৎসৱ। দুৰ্গোৎসৱৰ মহা আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে সকলোতে। আধুনিকতাৰ ধামখুমীয়াত যাতে দেৱী পূজাৰ প্ৰকৃত ঐতিহ্য হেৰাই নাযায় তাৰ প্ৰতি দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। মৃৎশিল্পী সকলে প্ৰতিমা নিৰ্মাণৰ কাম অন্তিম পয্যায়ত উপনীত কৰাইছে। শৰতৰ বতৰত কবিয়ে নতুনকৈ সৃষ্টি কৰিছে কবিতাৰ ভঁৰাল। আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে। সকলোতে এতিয়া শৰৎ শৰৎ লগা এটা শাৰদীয় বতৰ। নৈৰ পাৰৰ কঁহুৱাৰ শুভ্ৰ চাদৰে কঢ়িয়াইছে শৰতৰ বতৰা, শৰৎ তোমাক স্বাগতম। কবিৰ ভাষাত শৰতৰ মিঠা অনুভৱ——

তুমি অহাৰ বাটত . . . .

তুমি অহাৰ বাটত
এখনি কুঁৱলীৰ আৱৰণ
দুৱৰিত মুকুতা সৰে
শেৱালিয়ে সিঁচি দিয়ে
শুভ্ৰতাৰ সুবাস ।

তুমি অহাৰ বাটত
কঁহুৱাৰ কোমল দলিচা
সমীৰণৰ সুৰ মলয়
আকাশত শুভ্ৰ মেঘমল্লাৰ
নিচান উৰে ।

তুমি অহাৰ বাটত
এমুঠি জোনাক
হৃদয়ত প্ৰেমৰ উন্মেষ
জোনে জোনাক সাবটি
তোমাক স্বাগত শৰত্‍ ।(অজন্তা বৰা)

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close