অসম

শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ শিশু যুৱ আৰু আইমাতৃ সমাৰোহৰ সফল সামৰণি

ৰূপজ্যোতি শইকীয়া

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিশ্বনাথ জিলা শাখাৰ উদ্যোগত বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু ভীৰগাওঁ প্ৰাথমিক শাখাৰ আতিথ্যত দ্বাদশ সংখ্যক শিশু যুৱ আৰু আইমাতৃ সমাৰোহৰ যোৱানিশা সফল সামৰণিপৰে।বিশ্বনাথ চাৰিআলিৰ ঐতিহ্যমণ্ডিত ভিৰগাওঁ নামঘৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা উক্ত সমাৰোহৰ লগত সংগতি ৰাখি প্ৰাতঃ প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপণ কাৰ্য্যসূচী সমাপনৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰে বিশ্বনাথ জিলা শাখাৰ সভাপতি সৰুৰাম বৰাই । পুৱা ১০ বজাত আইমাতৃ সাধাৰণ পৰিষদৰ বৈঠকত সঞ্চালিকাৰ আসন গ্ৰহণ কৰে কিৰণ সন্দিকৈ, সভানেত্ৰী, আইমাতৃ কল্যাণ শাখা আৰু পৰিচালনা কৰে অঞ্জনা ভূঞা শইকীয়া সম্পাদিকা, শিশু আইমাতৃ কল্যাণ শাখাই। কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে কেন্দ্ৰীয় শাখাৰ সদস্যা মন্দিৰা ভৰালী বৰাই। দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগীতা সমুহ জিলা শাখাৰ সভাপতি সৰুৰাম বৰাই। প্ৰতিযোগীতা সমুহ পৰিচালনা কৰে জিলা সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰানজিৎ বৰাই। পৰৱৰ্তি কাৰ্যসূচী হিচাপে অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে লক্ষীমপুৰ জিলাৰ আইমাতৃ কল্যান শাখাৰ কেন্দ্ৰীয় শাখাৰ সদস্যা ৰীনা হাজৰিকাই। অনুষ্ঠানত বিশ্বনাথ জিলাৰ সহকাৰী সম্পাদক মুকুত বৰাই উদ্বোধকৰ আসন অলংকৃত কৰাৰ লগতে মূখ্য অতিথি হিচাপে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহন কৰে। ‌সভাত মুলৰ সদস্য ডা: নগেন বৰুৱা, জিলা শাখাৰ সম্পাদক গিৰিশ বৰা,শৰণাচাৰ্য বাপি বৰুৱা, সহ বিহালী, পাভৈ আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা সাহিত্য শাখাৰ প্ৰতিযোগিতাত সঞ্চালকৰ আসন গ্ৰহণ কৰে সাহিত্য শাখাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই আৰু পৰিচালনা কৰে সম্পাদক ড০ টুনটুন বৰাই । সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা সংস্কৃতি শাখাৰ প্ৰতিযোগিতাত সঞ্চালকৰ অসন গ্ৰহন কতে জিলা সাংস্কৃতিক শাখাৰ সভাপতি পিংকু হাজৰিকাই আৰু পৰিচালনা কৰে সম্পাদক প্ৰাণজিৎ বৰাই। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসুচিৰ শুভাৰম্ভ কৰে ৰূপালী মহিলা সমিতি আৰু ৰূপালী যুৱ সংঘৰ সদস্য সদস্যা সকলৰ দিহা নামেৰে। প্ৰতিযোগিতাৰ অন্তত বটা বিতৰণি সভাৰ অনু্ষ্ঠিত কৰা হয়। ইফালে সকলো কাৰ্যসুচিত সহযোগ আগবঢ়োৱাৰ বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে আদৰণি সমিতিৰ সভাপতি বংশী বদন বৰা আৰু সম্পাদক পংকজ শইকীয়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close