অসমবিশেষশীৰ্ষ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ-বৈষ্ণৱ পণ্ডিত অচ্যুৎ কৃষ্ণ মিশ্ৰৰ জন্ম শতবাৰ্ষিকী উদযাপন

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ, বৈষ্ণৱ পণ্ডিত, শৰনাচাৰ্য্য প্ৰয়াত অচ্যুত কৃষ্ণ মিশ্ৰৰ জন্ম শতবাৰ্ষিকী যোৱা ২৬ অক্টোবৰ তাৰিখে তেখেতৰ জন্মস্থান বামগাৱত দিনযোৰা কাৰ্যসুচিৰে উদযাপিত হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা শাখাৰ ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসুচি পুৱা প্ৰাত: প্ৰসঙ্গৰে আৰম্ভ হয়। পৰৱৰ্তী কাৰ্যসূচী বৃক্ষ ৰোপনৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধজ্বা উত্তোলন কৰে পদাধিকাৰ কমলাকান্ত গগৈয়ে। সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই পৰিচালনা কৰা এই কাৰ্যসুচীত মুল কাৰ্যনিৰ্বাহক, বিশ্বনাথ জিলা শাখা আৰু বিশ্বনাথ, পাভৈ আৰু বিহালী আঞ্চলিক শাখাৰ বিষয় ববীয়া সকলে অংশগ্ৰহন কৰে। পৰবৰ্তী কাৰ্যসুচী হিচাপে পদাধিকাৰ কমলাকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত বৈষ্ণৱ পণ্ডিত অচ্যুৎ কৃষ্ণ মিশ্ৰ স্মাৰক বক্তৃতা অনুষ্ঠান আৰু মুকলি সভা উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। উক্ত অনুষ্ঠানতে অচ্যুৎ কৃষ্ণ মিশ্ৰ স্মাৰক গ্ৰন্থ খন উন্মোচন কৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথে। অনুষ্ঠানত অচ্যুৎ কৃষ্ণ মিশ্ৰৰ পাণ্ডিত্য আৰু বৰ্ণিল জীৱন পৰিক্ৰমাৰ ওপৰত স্মাৰক বক্তৃতা প্ৰদান কৰে অভয়াপুৰি মহাবিদ্যালয়ৰ অধ্যাপক ড: জগত চন্দ্ৰ কলিতাই। উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ, বৰ্তমানৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাই সন্মানীয় অতিথি আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰে। বিশ্বনাত সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সম্পাদক ড: মৃনাল কুমাৰ বৰুৱা, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি ৰুলি শৰ্মা সহ কেইবাগৰাকিও বিশিষ্ট ব্যক্তিয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা সভাখনৰ আটধৰে কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক শংকৰ শইকীয়াই। মূখ্য অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰচাৰক মনিৰাম দাস সহ প্ৰায় কুৰি খন জিলা শাখাৰ মূলৰ সদস্য, শৰন সদস্য আৰু সভাপতি সম্পাদকে অংশগ্ৰহন কৰে। মুকলিসভাৰ বৰগীত, দিহানাম আদি পৰিচালনা কৰে বিশ্বনাথ জিলা সংস্কৃতি শাখাৰ সভাপতি পিংকু হাজৰিকা আৰু সম্পাদক প্ৰাণজিৎ বৰাই। নিশা সংস্কৃতি শাখাৰ শিল্পী সকলে কালিয়দমন নাটৰ ভাওনা প্ৰদৰ্শন কৰে । ইফালে দিনযোৰা কাৰ্যসুচিৰে অনুষ্ঠিত অনুষ্ঠানটি সফল কৰি তোলাত সহায় কৰা প্ৰতিগৰাকি কৰ্মকৰ্তাক বিশ্বনাথ জিলা শাখাৰ সভাপতি সৰুৰাম বৰা, সম্পাদক গিৰিশ বৰা, আদৰণি সমিতিৰ সভাপতি শোভন শইকীয়া, সম্পাদক বিৰেন বৰা , বিত্ত সমিতিৰ সভাপতি বংশী বদন বৰা, সম্পাদক ধৰ্মেশ্বৰ বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close