অসমবিশেষশীৰ্ষ

শিৱসাগৰত “কুঁহি” আঁচনিৰ শুভাৰম্ভণি

মৃদুল কুমাৰ গগৈ

২০২০ বৰ্ষৰ পহিলা দিনটোতে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়াই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত “নাৰী সৱলীকৰণ বুনিয়াদ শক্তিশালী” কৰা প্ৰয়াসত অতি সুন্দৰ আৰু অভিনৱ আঁচনি ” কুঁহি” নামেৰে আঁচনিখন শুভাৰম্ভণি কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নৱজাত কন্যা সন্তান প্ৰসৱান্তৰ ৬ গৰাকী পিতৃ-মাতৃক ঘৰলৈ যাবলৈ ওলোৱা সময়ত ২ টা গছপুলি উপহাৰ হিচাপে প্ৰদান কৰে লগতে গছপুলি প্ৰতিপালন কৰিবলৈ সুন্দৰ পৰামৰ্শ আগবঢ়ায় । শিৱসাগৰ জিলাৰ সামাজিক বনানিকৰণ বিভাগৰ সহযোগত আয়োজিত ছৌলফুলৰ আঁচনি অন্তৰ্গত “কুহি” আঁচনি আজিৰ শুভাৰম্ভণি অনুষ্ঠানত শিৱসাগৰ জিলাৰ চিকিৎসা সেৱাসমূহৰ যুটীয়া সঞ্চালক , শিৱসাগৰ অসিমৰিক চিকিৎসালয় অধীক্ষক , জিলা প্ৰশাসনৰ বিষয়া সকল , জিলা বন বিষয়া( সামাজিক বনানিকৰণ) বিদ্যুৎ বৰঠাকুৰ আৰু “ছৌলফুল” শিৱসাগৰ অভিযানৰ সদস্যসকল এই অনুষ্ঠান উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close