বিশেষশীৰ্ষস্বাস্থ্য

শিশুৰ উন্নত দৃষ্টিশক্তিৰ বাবে কেইটামান টিপছ

শিশুসকলৰ ক্রমাগতভাৱে বিৱর্ধন,পৰিৱৰ্তন আৰু বিকাশ হয়। তেওঁলােকৰ বিকাশৰ ক্ষেত্ৰত দৃষ্টিশক্তি এক গুৰুত্বপূর্ণ অংশ আৰু সেয়ে ইয়াক প্ৰাৰম্ভিক বয়সতে পৰিচৰ্যাৰ প্রয়ােজন হয়। যদিও সকলাে বয়সতেই দৃষ্টিশক্তিৰ পৰিচৰ্যা গুৰুত্বপূর্ণ তথাপি শিশুৰ দৃষ্টিশক্তিৰ স্বাভাৱিকতে দীর্ঘ সময়ৰে ক্ষতিৰ বাবে প্ৰৱণতা অধিক হয়। শিশুৰ দৃষ্টিশক্তি বহুলাংশে ভিন্ন হয় আৰু সেয়ে চকুৰ পৰীক্ষণৰ উপযুক্ত সময় নির্ধাৰণ কৰাটো প্ৰায়েই কঠিন হৈ পৰে। কিন্তু এই ক্ষেত্ৰত দৃষ্টিশক্তিজনিত সমস্যাসমূহ প্ৰতিৰােধ কৰাৰ বাবে বিশেষজ্ঞৰ উপযুক্ত পথ প্রদর্শন আৰু পর্যাপ্ত যত্ন সহায়ক বিবেচিত হ’ব পাৰে। ভাৰতৰ সবাতােকৈ বিশ্বস্ত দৃষ্টিসম্বন্ধীয় বিপণী, ল’ৰেন্স এণ্ড মেয়’ৱে আপােনাৰ শিশুৰ চকু প্ৰাৰম্ভিক বয়সৰ পৰাই সুৰক্ষিত আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ পালন কৰিবলগীয়া কিছুমান মূল্যবান পৰামৰ্শ আপােনাৰ সৈতে বিনিময় কৰিছে।

আপােনাৰ শিশুৰ চকুৰ প্রত্যক্ষ কৰা কিছুমান প্ৰাৰম্ভিক লক্ষণ হ’ল দেখা পােৱাত সমস্যা, পঢ়াত সমস্যা, সঘনাই হােৱা মূৰৰ বিষ, টেলিভিছন ছেট অথবা কম্পিউটাৰৰ নিচেই কাষত বহা, কিতাপখন চকুৰ আগলৈ নি পঢ়া, কিবা চাবলৈ এটা চকু ঢাকি ৰখা ইত্যাদি। চিকিৎসা বিজ্ঞানত ইয়াক মায়’পিয়া বুলি কোৱা হয়।প্রত্যেকটো শিশুৱে ১৩ বছৰ বয়সলৈ তেওঁলােকৰ চকু পৰীক্ষা কৰােৱাব লাগে আৰু খ্যাতনামা, বিশ্বাসী তথা পেছাদাৰী দৃষ্টিসম্বন্ধীয় ক্লিনিকৰ পৰামর্শ হ’ব লাগে। শিশুক চকুৰ শুশ্রুষা প্রদানত বিশেষ দক্ষতাৰ প্রয়ােজন। ইয়াৰ বাবে প্রয়ােজনীয় আন্তঃগাঁথনি আৰু মানৱ সম্পদ ল’ৰেন্স এণ্ড মেয়’ৰ বিপণীসমূহত উপলব্ধ। | অভিভাৱসকলে বিশেষজ্ঞৰ সৈতে তেওঁলােকৰ সন্তানৰ চকু পৰীক্ষণক লৈ উদ্বেগ প্রদান কৰে যদিও ৮০ শতাংশ অভিভাৱকেই শিশুটিক উপযুক্ত চশমা প্রদান প্রয়ােজনীয়তা প্ৰায়েই অৱহেলা কৰে। যদি আৰএ’ৰ পৰিমাণ অত্যধিক ঋণাত্মক হয় অথবা বিষম দৃষ্টিৰ সমস্যা আছে তেন্তে প্ৰেছক্রিপচন অনুসৰি চশমাৰ বাবে উপযুক্ত চেনট্রেছন আৰু ৰিফ্রাভি সূচাংক বাছনি কৰাটো অতিশয় গুৰুত্বপূর্ণ। | তেওঁলােকৰ দৃষ্টিশক্তিৰ সমস্যা অনুসৰি উপযুক্ত ফ্রেম বাছনি কৰাটোও সমানেই গুৰুত্বপূর্ণ।শিশুসকলে প্ৰায়েই এটা সমস্যাত ভােগে। সেয়া হ’ল আলস্য চকু অথবা এমব্লায় পিয়া য’ত শিশুৱে দেখা পােৱাৰ সমস্যাৰ বিষয়ে অভিযােগ কৰে আৰু এয়া উপযুক্ত দৃষ্টিশক্তিৰ চিকিৎসা তথা উপযুক্ত চশমাৰ উপযুক্ত চেনট্ৰেছনৰ সহায়ত নির্মূল কৰিব পাৰি।আজিকালিৰ শিশুসকল স্মার্টফোন, কম্পিউটাৰ আৰু আইপেডৰ প্রতি আসক্ত। ইয়াৰ দ্বাৰা দৃষ্টিশক্তিৰ প্রতি ক্ষতিৰ শংকা উদ্ভৱ হ’ব পাৰে। এই সমস্যাৰ বাবে এক বিশেষধৰণৰ লেনচ ক্রাইজেল প্রেজভেনচিয়াৰ দ্বাৰা ক’টিং কৰা আইজেন লেনচ ব্যৱহাৰ কৰা উচিত। | অভিভাৱকসকলে বিশেষকৈ তেওঁলােকৰ শিশুৰ ক্ষেত্ৰত কন্টেক লেনচ সম্পর্কীয় বিভিন্ন ভ্রান্ত ধাৰণাৰ সন্মুখীন হৈছে। কিন্তু তেওঁলােকেও এই কন্টেক লেচন সুৰিতভাৱে ব্যৱহাৰ কৰিব পাৰে যদিহে তেওঁলােকক চকুৰ স্থিতিমাপ অনুসৰি উপযুক্ত কন্টেক লেনচ প্রদান কৰি ইয়াৰ ব্যৱহাৰ উপযুক্তভাৱে বুজাই দিয়া হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close