আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

শিমলু গছত লাইব্রেৰী

'লিটল ফ্রি লাইব্রেৰী সংস্থা'ৰ যুগান্তকাৰী পদক্ষেপ

এজোপা ১১০ বছৰ পুৰণি শিমলু গছ। এতিয়া গছজোপাক লৈয়ে চৌদিশে চর্চা। সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু এই গছজোপা। আকৰ্ষণৰ কাৰণাে কিন্তু সুকীয়া। ইতিমধ্যে সকলােৰে জ্ঞাত যে গছ-গছনি আৰু প্ৰাণীৰ মাজত এক সুকীয়া সম্বন্ধ আছে। পৰিৱেশৰ ভাৰসাম্যতাও ৰক্ষা হয় দুয়ােৰে মাজত। গছগছনিয়ে আমাক অক্সিজেন প্রদান কৰে বুলি হয়তাে আমি সকলােৱে জানাে। কিন্তু এজোপা গছ কেতিয়াবা লাইব্রেৰী হৈ পৰিব পাৰে জানাে? সকলােৰে এটাই উত্তৰ হ’ব কেতিয়াও নােৱাৰে। কিন্তু অসম্ভৱকো সম্ভৱ কৰি তুলিছে যুক্তৰাষ্ট্ৰৰ আইডাহাে অংগৰাজ্যৰ নাগৰিক চালিয়ে। শেহতীয়া তথ্য অনুসৰি চাৰ্লিৰ ঘৰৰ সমুখত এজোপা বৃহৎ আকাৰৰ শিমলু গছ আছিল। কালক্ৰমত গছজোপা মৰি যােৱাত ইয়াক এক কামত ব্যৱহাৰ কৰাৰ লক্ষ্য বান্ধি লৈছিল চালিয়ে। অপ্রয়ােজনীয় অংশ কাটি গুৰি অংশত গঢ়ি তুলিলে এটি সৰু লাইব্রেৰী। যিহেতু চার্লি এগৰাকী লাইব্রেৰীয়ান তথা শিল্পীও। গতিকে তেওঁ অত্যাধুনিক প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি অতি কম সময়তে লাইব্রেৰীটো নির্মাণ কৰি উলিয়ালে। এই ব্যতিক্রমী লাইব্রেৰীটো সাজি উলিওৱাত সহায় কৰিলে ‘লিটল ফ্রি লাইব্রেৰী নামৰ সংস্থাটোৱে। আৰু বর্তমান সমগ্র বিশ্বতে চর্চিত এই লাইব্রেৰীটো। বর্তমান সময়ত গ্রন্থৰ প্রতি জনসাধাৰণক উৎসাহিত কৰা ব্যৱস্থাসমূহৰ ভিতৰত এই লাইব্রেৰীটো অন্যতম হিচাপে বিবেচিত হৈছে। ইতিমধ্যে এই বেচৰকাৰী সংস্থাটোৰ সহযােগত বিশ্বৰ ৮৮খন দেশত প্রায় ৭৫ হাজাৰ লাইব্রেৰী নির্মাণ কৰা হৈছে। সংস্থাটোৰ উদ্দেশ্য সমগ্র বিশ্বতে গ্রন্থৰ ব্যাপক চাহিদা বৃদ্ধি হওক আৰু গ্ৰন্থৰ প্রতি আকর্ষিত হওক প্রতিজন লােক। এই মহান উদ্দেশ্য আগত ৰাখিয়েই নিজৰ কাম কৰি গৈছে সংস্থাটোৱে। সংস্থাটোৰ এই মহান উদ্দেশ্যক সকলােৱে চেলুট জনাইছে। সংস্থাটোৱে বৰ্তমানলৈকে যিমান সংখ্যক লাইব্রেৰী নিৰ্মাণ কৰিছে তাৰ ভিতৰত শেহতীয়াকৈ যুক্তৰাষ্ট্ৰত নিৰ্মাণ কৰা লাইব্রেৰীটো অন্যতম। কিয়নাে এজোপা গছত নির্মাণ কৰা এই লাইব্রেৰীটো দেখিবলৈ যিদৰে সুন্দৰ ইয়াৰ নিৰ্মাণৰ দিশটোও কিন্তু মন কৰিবলগীয়া। গছজোপাত যিমানখিনি অত্যাধুনিক প্রযুক্তি সংযােগ কৰা হৈছে ই সঁচাকৈয়ে লেখত ল’বলগীয়া। গছৰ গুৰি অংশৰ ভিতৰফালে কিতাপ ৰখাৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰকৈ বহি কিতাপ পঢ়াৰ উপৰি বাহিৰৰ নৈসর্গিক দৃশ্যও উপভােগ কৰিব পাৰিব গ্রন্থপ্রেমীসকলে। পােহৰ আৰু আলােকসজ্জা আদিয়েও প্রত্যেকগৰাকী লােকৰে দৃষ্টি আকর্ষণ কৰে। এটি ঘৰৰ সুন্দৰ পৰিৱেশ ইয়াত বিৰাজমান। ঘৰৰ প্রতিটো সম্পদেই যেন প্রাণ পাই উঠিছে লাইব্রেৰীৰ ভিতৰচ’ৰাত। গছজোপাৰ কাষেৰেই পাৰ হৈ গ’লেই সকলােৰে দৃষ্টি এবাৰ হ’লেও ইয়াত পৰাটো স্বাভাৱিক। লাইব্রেৰীৰ বাহিৰ অংশটোও বেছ আকর্ষণীয়। সঁচাকৈয়ে ‘লিটল ফ্রি লাইব্রেৰী নামৰ এই বেচৰকাৰী সংস্থাটোৰ এই পদক্ষেপে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, যিটো সময়ত সমগ্র বিশ্ব তথা নৱপ্ৰজন্ম ইণ্টাৰনেটৰ মাজত সােমাই পৰিছে তেনে সময়ত জনসাধাৰণক গ্রন্থৰ প্রতি আকর্ষিত কৰাৰ যি প্রচেষ্টা ই সঁচাকৈয়ে যুগান্তকাৰী পদক্ষেপ হিচাপেই বর্তমান সময়ত বিবেচিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close