অসমবিশেষশীৰ্ষ

শিক্ষক দিৱসৰ দিনা বৰনগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী কাৰ্যসূচী

ছহিজুল আলী, সৰভোগ

আজি পৱিত্ৰ শিক্ষক দিৱস৷সমগ্ৰ দেশতে প্ৰতিখন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিছে শিক্ষক দিৱস৷
বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,বৰনগৰ বিদ্যামন্দিৰ,বৰনগৰ মহাবিদ্যালয়,বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,বাড্‌চ একাডেমি,ৰিনেক্স এক্সিলেণ্ট একাডেমিকে ধৰি বৃহত্তৰ বৰনগৰ অঞ্চলৰ সৰভোগৰ প্ৰতিখন শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিছে শিক্ষক দিৱস৷
এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ব্যতিক্ৰমী ৰূপত দেখা গ’ল,বৰনগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক,বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৭ বজাৰ পৰাই সৰভোগ অঞ্চলৰ বৰ্তমান কৰ্মৰত আৰু প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰীসকলৰ বাসগৃহত উপস্থিত হৈ,প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক গছপুলি প্ৰদান কৰি আশীৰ্বাদ লয়৷এই কাৰ্যসূচীৰ মূলতে উদ্দেশ্য আছিল,সৰভোগ অঞ্চলৰ চৌদিশ সেউজীয়া কৰাৰ এটা চেষ্টা৷বৰনগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই বিশেষ কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close