অসমবিশেষশীৰ্ষ

সাহিত্যৰ জগতত উজলিছে বিশেষভাৱে সক্ষম মুকুট বৰা

কুঞ্জ কাকতি ,ৰহা, ভাল খবৰ

দৰিদ্ৰতা নাইবা শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও জীৱনৰ সফল পথত আগুৱাই যোৱাত হেঙাৰ হ’ব নোৱাৰে । মনৰ একাগ্ৰতা আৰু কিবা এটা কৰাৰ হাবিয়াস থাকিলে সফলতা অৰ্জনত একো কাৰকেই যে বাধা হ’ব নোৱাৰে তাক প্ৰমাণ কৰিছে ৰহাৰ নিকটবৰ্তী টাঙোনমাৰাৰ এজন যুৱকে ৷ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সাহিত্যৰ ক্ষেত্ৰখনত সফলতা বুটলিবলৈ সক্ষম হৈ এক দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে টাঙোনমৰাৰ এই বিশেষভাৱে সক্ষম যুৱকজনে , প্ৰায় ২৬/২৭বছৰীয়া এই সুঠাম যুৱকজন হৈছে ৰহাৰ নিকটবৰ্তী তথা বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত টাঙোনমাৰা গাঁওৰ মুকুট বৰা৷ এই যুৱকজন বৰ্তমান ব্যস্ত কবিতা ,গল্প ,প্ৰবন্ধ, নাট্য চৰ্চাৰ জগতখনত ৷ নিজৰ সৃষ্টিৰাজিৰে সাহিত্যৰ জগতখনত এক স্থান দখল কৰিবলৈ সক্ষম হোৱা যুৱকজনৰ বৰ্তমানৰ সাৰথি এই হুইল চেয়াৰখন ৷ টাঙোনমাৰাৰ মোহন বৰাৰ পুত্ৰ মুকুট বৰাই শৈশৱতে হেৰুৱাইছিল দুভৰিৰে খোজ কঢ়াৰ ক্ষমতা ৷ শৈশৱতে খোজকঢ়াৰ ক্ষমতা হেৰুৱাৰ পাছতো মুকুট হতাশগ্ৰস্ত নহৈ দেখুৱালে এক অতুলনীয় দৃষ্টান্ত ৷ প্ৰচণ্ড আত্মবিশ্বাসৰ অধিকাৰী মুকুটে শাৰীৰিক অক্ষমতাক নেওচি উচ্চতৰ মাধ্যমিক পৰ্যন্ত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱাৰ লগতে প্ৰায় তিনিশৰো অধিক কবিতা , গল্প ,প্ৰবন্ধ আদি ৰচনাৰে সাহিত্যৰ ক্ষেত্ৰখনত এক সবল খোজ পেলাবলৈ সক্ষম হৈছে ৷ভিন্ন আলোচনীত প্ৰকাশিত মুকুটৰ ৰচনাই বুটলিবলৈ সক্ষম হৈছে বিভিন্ন পুৰস্কাৰ লগতে মুকুট বৰ্তমান হৈ পৰিছে আন বহুজনৰ বাবে প্ৰেৰণাৰ উৎস ৷ মুকুটৰ সাফল্যৰ জয়যাত্ৰা অব্যাহত থাকক , মুকুটৰ সৃষ্টিয়ে গগন চুমক তাৰেই কামনা কৰিছে মুকুটৰ পৰিয়াল বৰ্গৰ লগতে গাওঁবাসীয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close