অসম

“শাৰদী কোমল দলিচাত নিয়ৰসিক্ত কবিতা” শীৰ্ষক অনুষ্ঠানৰ প্ৰস্তুতি

বিশ্বনাথ চাৰিআলি

বিশ্বনাথ জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ উদ্যোগত আৰু পাভৈ শাখা সাহিত্য সভাৰ আতিথ্যত অহা ২৯ ছেপ্টেম্বৰ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে শাৰদী কোমল দলিচাত নিয়ৰসিক্ত কবিতা শীৰ্ষক এক কবিতানুষ্ঠানৰ আয়োজন কৰা হৈছে। পাভৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাংগনত পুৱা ৮:৪৫ বজাৰ পৰা আৰম্ভ হ’ব লগা কাৰ্যসূচীৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰিব জিলা সাহিত্য সভাৰ সভাপতি হিৰন্য হাজৰিকাই। পুৱা ৯ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰিব পাভৈ শাখা সাহিত্য সভাৰ সভাপতি ৰসেশ্বৰ খাউণ্ডে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা কবি সন্মিলন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী, পাভৈ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শুকদেৱ কুৰ্মীয়ে। বিশিষ্ট কবি তথা অবিভক্ত শোনিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভৱেশ মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত হব লগীয়া কবি সন্মিলন খনত সমিক্ষক হিছাপে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° ভাস্কৰ জ্যোতি গগৈয়ে অংশ গ্ৰহন কৰিব। অনুষ্ঠানৰ সকলো কাৰ্যসুচীত ৰাইজৰ সহযোগ কামনা কৰিছে জিলা সাহিত্য সভাৰ সভাপতি হিৰন্য হাজৰিকা আৰু সম্পাদক অপূৰ্ব ফুকনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close