অসমবিশেষশীৰ্ষ

শংকৰদেৱ শিশু-বিদ্যা নিকেতনত বাৰ্ষিক বঁটা বিতৰণি সভা সম্পন্ন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু-বিদ্যা নিকেতনত আজি বিদ্যালয় সপ্তাহৰ বাৰ্ষিক বঁটা বিতৰণি সভা অনুষ্ঠিত হয়।পুৱা দহ বজাত সমাজ কৰ্মী বুধিনাথ ভট্টাচাৰ্য্যই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভনি কৰা সভাখনত সভাপতিৰ আসন অলংকৃত কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি কৰুণ কুমাৰ বৰুৱাই।

নিকেতনৰ অধ্যয়নৰত ছাত্ৰী কাশ্মিৰী বৰাই সভাৰ আৰম্ভণিতে এটা বৰগীত পৰিৱেশন কৰি সভাগৃহত উপস্থিত সকলোকে মুগ্ধ কৰে । নিকেতনৰ আচাৰ্য বিনোদ শৰ্মাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত হৃসিকেষ কোচে শিশু কবিতা, সিদ্ধাৰ্থ শইকীয়াই জ্যোতি সংগীত, কৌস্তুভ মণি কেওঁতে অসমীয়া কবিতা আবৃত্তি, দৰ্শিতা প্ৰিয়মে ৰাভা সংগীত,মঞ্জিল গোস্বামীয়ে দেশপ্ৰেমমূলক গীত, দীপলিনা শৰ্মা ভৰালীয়ে ইংৰাজী কবিতা আবৃত্তি,মুনমি বৈৰাগীয়ে লোকগীত, ভাস্বতী কেওঁতে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । শংকৰদেৱ শিশু- বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য হিতেন প্ৰসাদ গোস্বামীয়ে প্ৰাস্তৱিক ভাষণ প্ৰদান কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বৰঙাবাৰী নিকেতনৰ প্ৰধানআচাৰ্য ৰঞ্জিত বৰঠাকুৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ৰজত শৰ্মাই ভাষণ প্ৰদান কৰা সভাখনত বিদ্যালয় সপ্তাহত সাহিত্য আৰু সাংস্কৃতিক বিভাগত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় । শেষত ৰাষ্ট্রীয় গীত গোৱাৰ পিছতেই সভা ভংগ হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close