অসম

শংকৰদেৱ কলাক্ষেত্ৰত ‘ষ্টুডিঅ’ অসম’ৰ আলোকচিত্ৰৰ প্ৰতিযোগিতা লগতে প্ৰদৰ্শনী সম্পন্ন

অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ কলা-সংস্কৃতি, মঠ-মন্দিৰ আৰু বন্যপ্ৰাণী আদিক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে ২০১৭ বৰ্ষৰ ২৮ জানুৱাৰী তাৰিখে জন্ম হৈছিল ষ্টুডিঅ’ অসম নামৰ ছ’চিয়েল মিডিয়াৰ ফেচবুক গ্ৰুপটো । কেৱল ভাৰতবৰ্ষতেই সীমাবদ্ধ নাথাকি গঠনমূলক চিন্তাধাৰাৰে আগবাঢ়ি যোৱা এই গ্ৰুপটোত যোৱা তিনি বছৰ ভিতৰতেই সমগ্ৰ বিশ্বক সামৰি লৈছে । বৰ্তমান ২৭ হাজাৰৰো অধিক সদস্যৰে পৰিৱেষ্টিত এই গ্ৰুপটোৰ পৰিচালকৰ দ্বায়িত্বত আছে গুৱাহাটীৰ বিশ্বজিৎ সাহা আৰু বিজু দাস । গঠনমূলক চিন্তাধাৰাৰে নৱপ্ৰজন্মক সৃজনীপ্ৰতিভা বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া এই গ্ৰুপটোৱে যোৱা ইং ১৮ আগষ্টৰ পৰা ২৪ আগষ্ট ২০১৯ লৈ অনুষ্ঠিত কৰা গুৱাহাটী মহানগৰস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱণৰ আৰ্ট গেলাৰিৰ মজিয়াত বিশ্ব আলোকচিত্ৰ দিৱস ২০১৯ ৰ লগত সংগতি ৰাখি এখনি আলোকচিত্ৰ প্ৰদৰ্শনী লগতে প্ৰতিযোগিতাখন সফলৰূপে সম্পন্ন কৰে ।

যোৱা ১৮ আগষ্ট ২০১৯ ৰ দিনা গিৰিণ শৰ্মাৰ সভাপতিত্বত উদ্ভোদনী সভা অনুষ্ঠিত হয় । প্ৰথমতেই গুৰু জনাৰ নাম লৈ বন্তি প্ৰজ্বলন কাৰ্য্যসূচীভাগ আৰম্ভ কৰে ড° সিমান্ত কলিতাই ।

ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ সংবাদকৰ্মী তথা বিভিন্ন কাকত আলোচনীৰ লিখক পল্লৱ দ্বিজেন উপস্থিত থাকে লগতে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে । কালি ২৪ আগষ্ট তাৰিখে গিৰিণ শৰ্মাৰ সভাপতিত্বত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকে বিশিষ্ট অতিথি ৰূপে প্ৰগাম ডাইৰেক্টৰ এন ই ইণ্ডিয়া চেন্টাৰ ফৰ এনভাইৰমেন্ট ইডোকেচনৰ ড° সিমান্ত কলিতাৰ লগতে নিৰ্বাচক মণ্ডলিৰ দ্বিজেন তালুকদাৰ আৰু অঞ্জন ডেকা উপস্থিত থাকি সকলোৱে আলোকচিত্ৰৰ সন্দৰ্ভত বিশেষ মন্তৱ্য প্ৰদান কৰে । উক্ত আলোকচিত্ৰ প্ৰদৰ্শনীৰ মুঠ ৪৯ জন দেশ বিদেশৰ প্ৰতিযোগিয়ে মুঠ ১১৭ খন আলকোচিত্ৰ প্ৰদৰ্শিত কৰা হয় । ইয়াৰ উপৰিও বিশেষ আকৰ্ষণ আছিল জৰ্ডান আৰু বাংলাদেশৰ প্ৰতিযোগিয়ে আলোকচিত্ৰ প্ৰদৰ্শিত কৰে ।

এই বিশেষ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নেজিব আহমেড, দ্বিতীয় পুৰস্কাৰ দিপু দাস আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিলে সুদুৰ কলকাতাৰ পুৰ্ণবৰ্ত ব্ৰহ্মাই । ইয়াৰোপৰি অংশগ্ৰহণকাৰি সকলকো একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰি ভৱিষ্যত উজ্জ্বল কামনা কৰিলে । গ্ৰুপটোৰ পৰিচালক বিশ্বজিৎ সাহাই জানিবলৈ দিয়া মতে অহা বছৰলৈকো এনেধৰণৰ আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close