শীৰ্ষস্বাস্থ্য

লেমন টি উপকাৰিতা

দীপা হাতীকাকতি

লেমন টি বা নেমু দিয়া চাহ বহুত হোৱাদযুক্ত আৰু উপকাৰী । আজিকালি বেছি ভাগ লোকৰে বৰ প্ৰিয় এই চাহ । গা মন সতেজ কৰা এই চাহ বনাবলৈও সহজ , একাপ ৰঙা চাহ বনাই তাত কেইটটোপালমান নেমুৰ ৰস আৰু মৌ মিহলালেই প্ৰস্তুত হৈ যায় লেমন টি । অকল সোৱাদেই নহয় লেমন টিৰ বহুতো উপকাৰী গুণ আছে –
1/ এই চাহে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল টক্সিন বাহিৰ কৰি শৰীৰ শোধন বা দিটক্স প্ৰক্ৰিয়াত সহায় কৰে ।
2/ শৰীৰৰ ওজন কোমোৱাটো সহায় কৰে , মেদবহুলতাৰ সমস্যা থকা সকলৰ বাবে এই চাহ অতি পানীয় ।
3/ ইয়াত থকা ভিটামিন – C য়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
4/ ছালৰ বিভিন্ন সমস্যা সমূহ দূৰ কৰে ।
5/ হৃদযন্ত্ৰ আৰু বৃক্ক সুৰক্ষিত কৰি ৰাখে ।
এই বিধ চাহৰ বহুত গুণ আছে , কৈ শেষ কৰিব নোৱাৰি । গতিকে আহকচোন বন্ধুসকল পাৰ্শ্বক্ৰিয়া বিহীন সোৱাদযুক্ত এই চাহ বিধৰ সোৱাদ লওঁ আৰু নিজকে নিৰোগী কৰি ৰাখোঁ ,

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close