বিশেষশীৰ্ষস্বাস্থ্য

লিভাৰ কেনেকৈ সুস্থ ৰাখিব

জিন্তি বৈশ্য

লিভাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূর্ণ অঙ্গ। এই অংগটি সুস্থ কৰি ৰাখিবলৈ আমি গুৰুত্ব আৰোপ কৰা উচিত।অধিকাংশৰ ক্ষেত্রত লিভাৰ বেয়া হোৱাৰ মূল কাৰণ হয় আমাৰ কিছু বদ অভ্যাস। জানো আহকচোন লিভাৰ সুস্থ ৰখাৰ কেইটিমান সহজ নিয়ম:

১) ফেতি লিভাৰৰ সমস্যা থাকিলে অতিৰিক্ত মদ্যপান, তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰা উচিত।
২) ষ্ট্ৰেচ এটি মানসিক সমস্যা এনে সময়ত মনটোকে ভাল লাগক বুলি ৰিচ খাদ্য গ্ৰহণ কৰিলে খাদ্য হজম নহয়। সেয়েহে ষ্ট্ৰেচৰ সময় চোৱাত খাদ্য             গ্ৰহণ নকৰি মেডিটেচন কৰা উচিত।
৩)চাপ্লিমেন্ট- প্রোটিন বা ভিটামিন চাপ্লিমেন্ট খোৱাৰ সময় সতর্কতা অৱলম্বন কৰিব। এনে চাপ্লিমেন্ট গ্ৰহণ কৰিব যি লিভাৰ ডিটক্সিফাই কৰাত             সহায় কৰে। ভিটামিন-বি কমপ্লেক্স, ভিটামিন-চি এ লিভাৰক পৰিষ্কাৰ কৰি ৰাখে। প্রোটিনৰ মাজত থকা এমাইন’ এচিডেও লিভাৰ পৰিষ্কাৰ কৰে।     ওমেগা থ্রি ফেটি এচিড লিভাৰ সুস্থ ৰখাত সহায় কৰে।
৪) অত্যাধিক ঔষধ সেৱন কৰিলে লিভাৰৰ ক্ষতি হয়। বিশেষকৈ পেনকিলাৰ দীৰ্ঘদিন সেৱন নকৰিব।
৫) প্লান্ট প্রটিন- লিভাৰ সুস্থ কৰি ৰাখিবলৈ আটাইতকৈ বেছি জৰুৰী সঠিক খাদ্য নিৰূপণ কৰাটো। এনিমেল প্রটিনতকৈ লিভাৰৰ বাবে বেছি ভাল প্লান্ট প্রটিন। সেয়েহে ডাইল, সেউজীয়া শাক-পাচলি, বাদাম, ফাইবাৰ যুক্ত খাদ্য গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close