অসমবিশেষশীৰ্ষ

লক্ষীপুৰত অৱসৰপ্ৰাপ্ত বন বিষয়াক বিদায় সম্বৰ্ধনা

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত অলপতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা বন বিষয়া কুলদ্বীপ দাসক ৰাজহুৱা ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়৷লক্ষীপুৰ আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত বিদায় সভা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বন বিষয়া কুলদ্বীপ দাসক বিভাগীয় তৰফৰ পৰা তিনিটা শৰাই, ফুলাম গামোচা, কৰ্ম জীৱনৰ মানপত্ৰ আৰু বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিষয়া গৰাকীক সভাত উপস্থিত থকা ৰাইজৰ ফালৰ পৰাও বিভিন্ন জনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু তেওঁৰ কৰ্ম দক্ষতাৰ শলাগ লয় ৷বিদায়ী সভাত উপস্থিত থকা বিষয়া গৰাকীৰ পত্নীকো এযোৰ পাটৰ কাপোৰসহ ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়ে বন বিভাগৰ কৰ্মচাৰী সকলে

উল্লেখ্য যে,বন বিষয়া কুলদ্বীপ দাসে ১৯৮০ চনতে চৰকাৰী বন বিভাগত যোগদান কৰি চাকৰি জীৱনত সৎ আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰি কৰ্ম দক্ষতাৰ পৰিচয় দিছিল ৷ ২৯ ফেব্ৰুৱাৰী ২০২০ চনত বন বিষয়া গৰাকীয়ে জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত কাৰ্য নিৰ্বাহ কৰি থকা সময়ছোৱাতে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷বনকৰ্মী খগেন কলিতাই আঁতধৰা অনুষ্ঠানত অৱসৰ প্ৰাপ্ত বন বিষয়া কুলদ্বীপ দাসে চাকৰি জীৱনত পাতলি মেলা সময়ছোৱাৰ কিছু মহূৰ্ত্বৰ কথা সুৱৰে আৰু চাকৰিৰ সময়ত অজানিতে ভূল ক্ৰটিৰ বাবে সকলোৰে পৰা ক্ষমা বিচাৰে ৷ অনুষ্ঠানত লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত নৱ- নিযুক্ত উপ বন বিষয়া শৰৎ দাসে অৱসৰপ্ৰাপ্ত বন বিষয়া গৰাকীৰ জীৱনৰ শেষ সময় ছোৱা হাঁহি-আনন্দৰে পাৰ হোৱাৰ কামনা কৰে ভগৱানৰ ওচৰত ৷ সেইদৰে ৰাইজৰ হৈ সমাজ কৰ্মী ছফিউৰ ৰহমান, লক্ষীপুৰ উন্নয়ন খণ্ডৰ পুখুৰীপাৰা গাঁও পঞ্চায়তৰ কাউন্সিলাৰ শচী ব্ৰক্ষ্ম, কৃষ্ণাইৰ যুৱনেতা মহম্মদ হুছেইন (চাজু), আশ্ৰৱ আলি, সুৰেশ দাস আদিয়ে অৱসৰপ্ৰাপ্ত বন বিষয়া গৰাকীৰ দৰে সৎ আৰু নিষ্ঠাৱান কৰ্মচাৰী গোৱালপাৰা জিলাত প্ৰয়োজন আছে বুলি উল্লেখ কৰে আৰু বিষয়া গৰাকীৰ সু -স্বাস্থ্য ভগৱানৰ ওচৰত কামনা কৰে ৷ বিদায়ী অনুষ্ঠানত গোৱালপাৰা বন সংমণ্ডলৰ কেইবা গৰাকী বিষয়া, কৃষ্ণাই, গোৱালপাৰা, লক্ষীপুৰ, ৰংজুলি বন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close