বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

যৌতুকত কিতাপৰ ভাণ্ডাৰ

পৰম্পৰাগতভাৱে যৌতুক প্রথা বর্তমান সমাজ ব্যৱস্থাৰ এক অংগ হৈ পৰিছে। এই যৌতুকৰ বাবেই সমাজত বহু অনাকাংক্ষিত ঘটনাও সংঘটিত হৈছে। কিন্তু শেহতীয়াকৈ যৌতুক প্রথাৰ এখন বিপৰীত ছবি দেখিবলৈ পােৱা গৈছে। এইবাৰ ঘটনাৰ কেন্দ্রস্থল পশ্চিমবংগ। শেহতীয়া তথ্য অনুসৰি পশ্চিমবংগৰ সােণাৰপুৰৰ বাসিন্দা সূর্যকান্ত বাৰিকৰ সৈতে বিয়াৰ কথা চলে পূর্ব মেদিনীপুৰৰ বাসিন্দা প্রিয়ংকা বেজৰ। বিয়াৰ প্রস্তুতি চলােৱাৰ সময়তেই সূর্যকান্তই স্পষ্টকৈ কৈ দিয়ে যে যৌতুকৰ নামত তেওঁক একোৱেই নালাগে। দুয়ােপক্ষৰ মীমাংসা ক্রমে বিয়াৰ দিন-বাৰাে নিৰ্ধাৰণ হয়।

বিয়াৰ দিনা সূর্যকান্তই কইনা আনিবলৈ গৈ কইনাঘৰৰ দৃশ্য দেখি অবাক হৈ পৰে। কিয়নাে মূল প্রৱেশদ্বাৰৰ পৰা ভিতৰৰ অংশলৈ বিভিন্ন গ্রন্থ সজোৱা আছিল। তাৰ ভিতৰত কিছুমান আছিল দুষ্প্রাপ্য গ্রন্থ। সৰ্বমুঠ এক লাখ টকাৰ কিতাপ সূর্যকান্তলৈ যৌতুক হিচাপে আগবঢ়াইছে কইনা পক্ষই। এই বৃহৎ পৰিমাণৰ কিতাপ লাভ কৰি তেওঁ যথেষ্ট উৎফুল্লিত হৈ পৰে। যিহেতু সূর্যকান্ত এগৰাকী পেছাত শিক্ষক। কিতাপৰ সৈতে এক মধুৰ সম্পর্ক আছে সূর্যকান্তৰ। বিয়া ঠিক কৰাৰ সময়ত তেওঁ যৌতুকৰ নামত একোৱেই নালাগে বুলি কৈছিল কাৰণ তেওঁ যৌতুক বিৰােধী। তথাপিও বিয়াৰ দিনা এই দৃশ্য দেখি তেওঁ আচৰিত হৈ পৰে। কইনা প্রিয়ংকাৰ মন্তব্য অনুসৰি তেওঁ এনে এগৰাকী স্বামী পাই নিজকে যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। কাৰণ প্রিয়ংকাইও সৰুৰে পৰা কিতাপ পঢ়ি ভাল পাইছিল। পিতৃয়ে যেতিয়া সূর্যকান্তৰ চৰ্তৰ কথা প্রিয়ংকাৰ আগত অৱগত কৰে তেতিয়া তেওঁ যথেষ্ট উৎফুল্লিত হৈ পৰে। কিয়নাে তেওঁ এগৰাকী মনে মিলা স্বামীক জীৱনসংগী হিচাপে পাব। কইনাঘৰৰ আন এক তথ্যত পােহৰলৈ আহিছে যে সূর্যকান্তলৈ আগবঢ়োৱা এই সমূহ উপহাৰৰ ভিতৰত কিতাপৰ সংখ্যা আছিল এহেজাৰখন। যিসমূহ কিতাপ কলকাতাৰ কলেজ স্ট্রিটকে ধৰি অন্যান্য এলেকাৰ পৰা ক্ৰয় কৰিছিল। বেছি সংখ্যক আছিল ৰামকৃষ্ণ মিছনৰ গ্রন্থ। কেৱল যে ৰামকৃষ্ণ মিছনৰে গ্ৰন্থ আছিল তেনে নহয় ইয়াৰ মাজত ৰবীন্দ্রনাথ ঠাকুৰ, বংকিমচন্দ্রকে আদি কৰি শৰৎ চন্দ্র চট্টোপাধ্যায়ৰ বহু অমূল্য গ্রন্থও আছিল। উল্লেখ্য যে বর্তমান সময়ত যৌতুকে সমাজ ব্যৱস্থাত কু-প্রভাৱ পেলােৱাৰ সময়তে সূর্যকান্তৰ এই মানসিকতা আদর্শনীয় বুলি সকলােৱে মন্তব্য আগবঢ়াইছে। যিয়ে এখন সুস্থ সমাজ গঢ়াত সহায় কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close