অসম

যোগ-নৃত্যৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে অসম কন্যা

বিশ্বনাথ চাৰিআলি

যোগ আৰু নৃত্যত পাৰদৰ্শিতাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে ৷ নিজৰ প্ৰতিভাৰে এতিয়া জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৷ ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এইগৰাকী কিশোৰী বিশ্বনাথৰ কল্যাণপুৰৰ নিবাসী মনোজ কুমাৰ শৰ্মা আৰু পপি শৰ্মাৰ কন্যা গাগলিনা আশ্ৰায়ন ৷ গাগলিনাৰ যোগ আৰু নৃত্যই আচৰিত কৰি তুলিছে সকলোকে ৷ ইতিমধ্যে গাগলিনাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে থাইলেণ্ড , মালেছিয়া আদি দেশসমূহতো নিজৰ প্ৰতিভাৰে বটাঁ বুটলিবলৈ সক্ষম হৈছে ৷ইয়াৰ উপৰিও ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াছ গ’ট টেলেন্ট’টো গাৰ্গলীনাই নিজৰ যোগ আৰু নৃত্যপটিয়সীতা দেখুৱাই দৰ্শক তথা ভাৰতবাসীৰ মৰম বুটলিবলৈ সক্ষম হৈছিল৷গাৰ্গলীনাই যোগ আৰু নৃত্যৰ লগতে সমান্তৰালভাৱে আগুৱাই নিছে নিজৰ শৈক্ষিক জীৱন ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যাপীঠত শিক্ষা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে যোগৰ ওপৰতে অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close