বিশেষশীৰ্ষস্বাস্থ্য

যােগাসনৰ জৰিয়তে চাপমুক্ত

বিশ্বৰ এই দ্রুত বিকশিত সময়ত আমি আমাৰ সকলাে শক্তি সম্পদ গঢ়াৰ নামতে ব্যয় কৰাে আৰু এইক্ষেত্ৰত আমাৰ কল্যাণ আৰু সুস্বাস্থ্য বিষয়টো গুৰুত্বহীন হৈ পৰে। কামৰ বর্ধিত হেচা আৰু এক কঠিন আৰু সাংসাৰিক জীৱন ধাৰণৰ ফলত স্বাস্থ্যক অসম্ভৱ হৈ পৰে। আমাৰ এই দৈনন্দিন কর্মৰাজিৰপৰা অব্যাহতি লৈ কিবা নতুন প্রয়াস কৰাটো কঠিন, নতুন মানে এনে এক প্রয়াস যিয়ে আপােনাক সতেজ আৰু প্রবল সক্রিয় কৰি তােলাৰ লগতে আপােনাক সুস্থ আৰু চাপমুক্ত কৰি ৰাখে। লক্ষৌৰ প্রখ্যাত লেখক আৰু যােগ আচার্য ইৰা ত্রিবেদীয়ে এনে চাপমুক্ত দৈনন্দিন কর্মৰাজিৰপৰা মুক্ত হােৱাৰ কেইটামান সহজ উপায় আগবঢ়াইছে যিয়ে আপােনাক এটা স্বাস্থ্যসন্মত সন্তুলিত জীৱন অতিবাহিত কৰাত সহায় কৰিব। টাটা স্কাই ফিটনেছত প্ৰচাৰ হােৱা প্ৰেৰণাদায়ী যােগ ছেচনৰ বাবেও বিখ্যাত ইৰা ত্রিবেদী। ইৰা ত্রিবেদীয়ে আগবঢ়োৱা টিপছসমূহ : ডিঙিৰ সেই বেদনাৰপৰা মুক্তি লাভ কৰক ও কর্মচাৰীসকলৰ মাজত সাধাৰণতে দেখা দিয়া অন্যতম সমস্যাটো হৈছে ডিঙিৰ সমস্যা। ইয়াৰ কাৰণ হৈছে বহু সময় ধৰি অবিৰাম তেওঁলােকৰ কম্পিউটাৰ স্ক্রীনত দৃষ্টি স্থিৰ হৈ থকা বা তললৈ মূৰ কৰি অধ্যয়ন সামগ্ৰীৰ ওপৰত দৃষ্টি স্থিৰ ৰখা। এই ক্ষেত্রত প্রয়ােজন হােৱা আসন হৈছে এখন হাত ওপৰলৈ কৰি মূৰৰ বিপৰীত দিশে ধৰি ৰখা, এটা দীঘল উশাহ লৈ লাহেকৈ মূৰটো হাতৰ জোৰত এটা দিশলৈ ঠেলি দিব। এতিয়া, মূৰৰ পিচফালে এখন হাত ৰাখক আৰু মূৰটো তললৈ ঠেলক। একেদৰে আনখন হাতেৰেও এই আসন মূৰৰ আনটো দিশত কৰক। ডিঙিৰ ৰ’টেনে চাপমুক্ত হােৱাত সহায় কৰে আৰু এনেদৰে আপােনাৰ মেৰুদণ্ডক সম্ভাৱ্য ক্ষতিৰপৰা সুৰক্ষিত কৰি ৰাখে। ই লগতে চার্ভিকেল হার্নিয়েটেড ডিস্কৰ সংকোচনৰপৰাও ৰক্ষা কৰে।। গাইৰ দৰে চেহেৰা লাভ কৰক ও গােমুখাখনে থিয় আৰু বাহু লাভ কৰাত সহায় কৰে। ইয়াৰ মূল কাৰণ হৈছে বহুসময় ধৰি কর্মস্থলীত ডেস্কত বহি থকা বা কম্পিউটাৰত অধিক সময় টাইপ কৰি থকা। বহি থকাৰ সময়তে থিয় হৈ থকা সময়তাে এই আসন কৰিব পাৰিব। মূৰৰ কাষেৰে এখন হাত দাঙিব আৰু আনখন হাত সন্মুখলৈ আগুৱাই দিব। এতিয়া দুয়ােখন হাত লাহেকৈ আপােনাৰ পিছফালে লৈ যাব আৰু দুয়ােখন হাত সংলগ্ন কৰাৰ চেষ্টা কৰিব। যদিহে আপােনাৰ হাত দুখন সংলগ্ন নহয়, দুয়ােখন হাত যিমান পাৰে ওচৰ চপােৱাৰ চেষ্টা কৰিব।

এই আসন কৰি থকাৰ সময়তে দীঘল উশাহ-নিশাহ লােৱাতাে অতি আৱশ্যক যিহেতু ই আপােনাৰ শৰীৰক আৰাম প্রদান কৰিব আৰু আসন সম্পূর্ণ কৰিবলৈ সহজ কৰি তুলিব। টেবুলৰ শিখৰ স্পৰ্শ কৰক :এই আসনৰ বাবে এখন টেবুলৰ সন্মুখনত ভৰি দুখনৰ মাজত অলপ দূৰত্ব ৰাখি থিয় হওক আৰু দুয়ােখন হাত মূৰৰ ওপৰলৈ নিব। এতিয়া দুয়ােখন হাত টেবুলৰ ওপৰত নপৰালৈকে লাহেকৈ সন্মুখলৈ হালি দিব। টেবুলখনৰ সহায়ত আপােনাৰ শৰীৰতাে পিছলৈ নিব। আপুনি আঁঠু, পিঠি আৰু বাহুত চাপ অনুভৱ কৰিব। এই স্থিতিতে চ ছেকেণ্ড থাকিব। এতিয়া দুয়ােখন হাত পুনৰ মূৰৰ ওপৰলৈ নিব আৰু তললৈ নমাই দিব। এই আসনৰ বিপৰীতৰ বাবে আপুনি দুয়ােখন হাত আপােনাৰ পিছফালৰ তলৰ অংশত ৰাখিব লাগিব আৰু শৰীৰতাে যিমান পাৰে পিছফাললৈ হাওলাই দিব, চাব যাতে আপােনাৰ ডিঙি সম্পূর্ণভাৱে পিছলৈ থাকে। এই আসনে আপােনাৰ আঁঠু, পিঠি আৰু বাহু ঢিলা কৰাত সহায় কৰে। ক্লাইম্মি :এই আসনে আপােনাৰ মূৰৰপৰা ভৰিৰ আঙুলিলৈকে চাপ মুক্ত কৰে। ই লগতে মন আৰু শৰীৰৰলৈ সতেজতা আনে। ভৰি দুখনৰ মাজত সমান্য দুৰত্ব ৰাখি থিয় দিব। দুয়ােখন হাত মূৰৰ ওপৰলৈ নিব আৰু দুয়ােখন হাত সংলগ্ন কৰিব। আপােনাৰ বাহুৱে যা কৰে সেয়া লক্ষ্য ৰাখিব। এতিয়া ভৰিৰ আঙুলিৰ জোৰত থিয় দি হাতৰ আঙুলিবােৰ সংলগ্ন কৰি হাত দুখন সন্মুখলৈ তললৈ নমাব। দুই ছেকেণ্ডলৈ এই স্থিতিতে থাকিব। ভৰিৰ আঙুলিবােৰ ওপৰ তল কৰি এনেদৰে পুনৰাবৃত্তি কৰিব। এই আসনে সমগ্ৰ শৰীৰ প্ৰসাৰিত কৰাত সহায় কৰে আৰু ভৰিৰ পানী গাঠি ঢিলা কৰাত সহায় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close