
অৰিন্দম চৌধুৰী
লংকা
সভ্য সমাজৰ মানুহ যিমানেই আগুৱাই গৈছে যান্ত্ৰিকতাৰ দিশত সিমানেই যেন সমাজত হ্ৰাস পাব ধৰিছে মানৱতা। আজিৰ মানৱ ব্যস্ত নিজক লৈ, নিজৰ পৰিয়াল তথা নিজৰ ব্যক্তিগত সমস্যা সমাধানকলৈ। ব্যস্ত সমাজত এতিয়া কাৰো হাতত সময় নাই তৃতীয়জনৰ কথা ভাবিবৰ। কিন্তু এনে যান্ত্ৰীকতাৰ মাজতো এতিয়াও যে মানৱতা শেষ হৈ যোৱা নাই তাৰ প্ৰমাণ লংকাৰ বিশিষ্ঠ ব্যক্তি তথা আগশাৰীৰ ব্যৱসায়ী ৰোহিত আগৰৱালা।
এসময়ত সংবাদ মাধ্যমৰ লগত জড়িত ৰোহিত আগৰৱালাই তেওঁৰ মানসিকতাৰে প্ৰমাণ কৰি আহিছে যে এতিয়াও সমাজত শেষ হোৱা নাই মানৱতাৰ।
২০১৬ চনতেই ৰোহিত আগৰৱালা ডাঙৰীয়াই তেওঁৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ নামত””ঔম প্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল চেৰিটেবল ন্যাস’ ৰ শুভাৰম্ভ কৰিছিল। উক্ত ন্যাসৰ মূল উদ্দেশ্য আছিল হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হাই স্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ভৱিষ্যতৰ সপোন পূৰণ কৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা| বিগত দুই বছৰৰ পৰা উক্ত ন্যাসটোৱে লংকা তথা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে আৰ্থিক সাহাৰ্য্য। আৰু এইবাৰো উক্ত ন্যাসটোৱে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত অহা ১৬ জুন তাৰিখে এখন আনুষ্ঠানিক ভাৱে সভা অনুষ্ঠিত কৰি দৰিদ্ৰ মেধাৱীসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰিৱ আৰ্থিক সাহাৰ্য্য।
উক্ত অনুষ্ঠানত উপস্থিত থাকিৱ হোজাই জিলাৰ উপাযুক্ত মহোদয়কে ধৰি আৰক্ষী অধীক্ষক ও হোজাই জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী। লগতে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা যতিন বৰা।