অসমবিশেষশীৰ্ষ

মৰিসুতি ঠাকুৰবাৰী মন্দিৰ প্ৰাঙ্গনত বিশাল তিহাৰ সমাৰোহভাগ সম্পন্ন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত মৰিসুতি ঠাকুৰবাৰী মন্দিৰ প্ৰাঙ্গনত আজি দিনযোৰা কাৰ্যসূচীৰে উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সংঘৰ উদ্যোগত সত্য নাৰায়ণ কীৰ্তন সংঘ, লক্ষ্মী নাৰায়ণ মহিলা কীৰ্তন সংঘ আৰু মৰিসুতি ঠাকুৰবাৰী গোৰ্খা ইউথ ক্লাৱৰ সহযোগত অনুষ্ঠিত কৰা নেপালী সম্প্ৰদায়সকলৰ পৱিত্ৰ বিশাল তিহাৰ সমাৰোহভাগ সম্পন্ন হয় । উক্ত তিহাৰ সমাৰোহৰ সভাপতি ৰাজেন শৰ্মা আৰু সম্পাদক গোপাল কাৰ্কীয়ে জানিবলৈ দিয়ে যে পুৱাই ধৰ্মধ্বজাৰ পতাকা উত্তোলন কৰি অঞ্চলৰ জাতীয় শ্বহীদসকলৰ প্ৰতিচ্চবিত পুষ্পাঞ্জলী, মাল্যাৰ্পন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোক প্ৰস্তাৱভাগ সম্পন্ন কৰে । তাৰপিচতে অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভৈলি দলসমুহে সুন্দৰকৈ নিজৰ ভৈলি প্ৰদৰ্শন কৰে । প্ৰায় ২০ টা ভৈলি দলে অংশগ্ৰহণ কৰে । তাৰে ভিতৰত নাগশংকৰ আৰু শিঙৰী ভৈলি দল অন্যতম । ভৈলি প্ৰতিযোগিতাৰ পিচতে নিশা এখন সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close