অসমবিশেষশীৰ্ষ

মেঘালয়ৰ জংলাপাৰাত দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ বাৰ্ষিক অধিৱেশন

উদুলি-মদুলি সমৰ সিং ৰাভা সমন্বয় ক্ষেত্ৰ

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ ৰেচুৰ জংলাপাৰাত আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ থাপা আঞ্চলিক ৰাভা জামাতৰ সৌজন্যত অনুষ্ঠিত দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অধিৱেশনত উদুলি মদুলি, ৰাভা জাতীয় সাজপাৰ পৰিধানেৰে ৰঙীন হৈ পৰিছে সমৰ সিং ৰাভা সমন্বয় ক্ষেত্ৰ ৷ অসম-মেঘালয় সন্মিলিত ৰাভা সামাজিক অনুষ্ঠান দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অন্তৰ্গত প্ৰতিটো জামাতৰ প্ৰতিনিধিয়ে আজি অধিৱেশনত অংশগ্ৰহণ কৰাৰ লগতে পুৰুষ/মহিলা সকলৰ প্ৰথম বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷ বিষয় বাচনি সভাৰ পূৰ্বে প্ৰতিনিধি শিৱিৰ মুকলি কৰে থাপা আঞ্চলিক ৰাভা জামাতৰ সভাপতি দিলীপ কুমাৰ ৰাভাই ৷ নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইফালে ৮ ফেব্ৰুৱাৰী অৰ্থাৎ দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত শিঙা বাদন ৷৭ বজাত ৰিছি বাবাৰ পূজা-প্ৰাৰ্থনা, ৮ বজাত অধিৱেশনৰ পতাকা উত্তোলন, স্মৃতি তৰ্পন, প্ৰদৰ্শনী দ্বাৰ মুকলি, ৯ বজাত সন্মিলনৰ মুখপত্ৰ “বহুৰঙি” উন্মোচন, ১০ বজাত কৃতি ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, বিশিষ্ট শিল্পী সকলক সম্বৰ্ধনা, ১১ বজাত মহিলা সকলৰ “শৈক্ষিক আৰু বাণিজ্যিক দিশত ৰাভা মহিলাৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰ ৷ বিয়লি ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হব ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাভা হাছং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ৰাভা হাছং পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, দুধনৈ বিধায়ক দীপক কুমাৰ ৰাভা, উত্তৰ গাৰো পাহাৰৰ উপায়ুক্ত এছ চি সাধু, মেন্দিপথাৰ কলেজৰ প্ৰবক্তা অনুপমা ৰাভা, দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ উপদেষ্টা খনীন্দ্ৰ নাথ সৰকাৰ ৰাভা, দক্ষিন কুমাৰ ৰাভা, ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে, মেঘালয়ৰ ৰাভা জাতীয় সেৱা সংঘৰ সভাপতি চন্দেশ বাকছাকৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব ৷ আনহাতে নিশা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৯ ফেব্ৰুৱাৰী পুৱা সন্মিলনৰ পতাকা অৱতৰণ অনুষ্ঠানেৰে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দুধনৈ পশ্চিমাঞ্চলৰ ৫৬ তম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰিব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close