বিশেষশীৰ্ষসৃজন

মৃত শিল্প : এক অনুভৱ

ৰমেশ ডেকা

বৰ্তমান অসমৰ মৃত্ শিল্পৰ অৱস্থা খুউব এটা ভাল নহয়। বহু লোকে এই শিল্প বাদ দিব লগীয়া হৈছে।কাৰণ আজি কালি মানুহে মাটিৰ সামগ্ৰীৰ পাত্র আদিৰ ব্যবহাৰ কৰিবলৈ এৰি দিছে।তাৰ ঠাইত বজাৰত কম দামত পোৱা অথচ স্বাস্থ্যৰ কাৰণে হানিকাৰক প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰৰ পয়োভৰ ঘটিছে। আগৰ প্ৰতি অসমীয়া মানুহৰ ঘৰত বিভিন্ন জা-জলপান মাটিৰ ঘটত ৰাখিছিল আৰু সেইবিলাক বহুত দিনলৈ ভাল দৰে ৰাখিব পাৰিছিল ।ইয়াৰোপৰি দৈনন্দিন বহুতো কামত মাটিৰ পাত্র ব্যৱহাৰ কৰিছিল। এতিয়া নানা ধৰণৰ ৰং বিৰঙৰ বজাৰৰ সামগ্ৰীৰ হেচাত আমাৰ আপুৰুগীয়া মৃত শিল্পৰ অৱস্থা অতি দুখজনক। এই শিল্পৰ লগত জড়িত থকা লোক সকলে পৰিশ্ৰমৰ বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক নোপোৱাৰ কাৰণে সংসাৰ চলাই নিয়াত বহুতো সমস্যাৰ সন্মুখীন হব লগা হৈছে। এটা সময়ত হয়টো মৃত্ শিল্পৰ অৱস্থা আৰু শোচনীয় হৈ পৰিব।
গতিকে আমি সকলোৱে এই শিল্পক জীয়াই ৰাখিবলৈ লগতে পৰিবেশ সচেতনতাৰ ভাৱ ৰাইজৰ মাজত জগাই তুলিব পৰা প্ৰচাৰ চলোৱাৰ প্ৰয়োজন আহি পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close