বিশেষশীৰ্ষস্বাস্থ্য

মূল্যৱান পিয়াঁজৰ কেইটিমান অমূল্য গুণ

ৰেৱতী ধৰ

পিয়াজ নহলে আঞ্জাখনৰ সোৱাদ নুঠেই- এয়া প্ৰতিগৰাকী গৃহীনিৰ মন্তব্য। কিন্তু পিয়াঁজৰ বৰ্ধিত মূল্যই প্ৰায়েই সৰ্বসাধাৰণ ৰাইজক বিপাঙত পেলায়।কাৰণ যিয়ে নহওক কিয় এই পিয়াজৰ কিন্তু আছে বহু ঔষধি গুণ। এই সম্পৰ্কে তলত আলোচনা কৰা হল-

১) পিয়াঁজে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
২) পিয়াঁজত থকা উপাদান বোৰে দেহত অপকাৰী কলেষ্টেৰল নাশ কৰে আৰু উপকাৰী কলেষ্টেৰল বৃদ্ধি কৰে।
৩) হাৰ্টৰ বাবে পিয়াঁজ উপকাৰী


৪) পিয়াঁজত যথেষ্ট পৰিমাণে ফাইবাৰ বা আঁহ পোৱা যায়।যিয়েনেকি অন্ত্ৰৰ বিপাকীয় প্ৰণালী সবল কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।
৫) পিয়াঁজে এচিডিটি আৰু কোষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে।
৬) চকুৰ দৃষ্টি শক্তি বৃদ্ধি ও বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।
৭) পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰে‌।
৮) দেহৰ হাঁড় আৰু দাঁতৰ বাবে পিয়াঁজত থকা উপাদান বোৰ বৰ উপকাৰী।
৯) শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে বাবে ডায়েবেটিচ ৰোগীৰ বাবে ই মহৌষধি।
১০)এন্টিঅক্সিডেন্ট, চালফাৰ আৰু খনিজ পদাৰ্থ বোৰেৰে ভৰা পিয়াঁজে মানুহৰ মস্তিষ্কৰ কৰ্মক্ষমতা ও স্মৰণ শক্তি বৃদ্ধি কৰে।
১১) পিয়াঁজে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close