অসম

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত জামুগুৰিহাটৰ সফলতা

অনুৰাগ শইকীয়াইৰ বিশেষ কৃতিত্ব

মূখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা (২০১৮) অষ্টম শ্ৰেণীৰ কালি ঘোষিত ফলাফল অনুযায়ী শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰ অনুৰাগ শইকীয়াই শোণিতপুৰ জিলাৰ ভিতৰত শীৰ্ষস্থান (প্ৰাপ্ত নম্বৰ ১৩৫, মুঠ নম্বৰ ১৫০ ৰ ভিতৰত) অধিকাৰ কৰে।

পিতৃ মূঢ়াদ’ল নিবাসী পংকজ শইকীয়া সেই খন বিদ্যালয়ৰে সহকাৰী প্ৰধান শিক্ষক আৰু মাতৃ মৌচুমী বৰা শইকীয়া এগৰাকী শিক্ষয়িত্ৰী । ইফালে সুযোগ্য সন্তান অনুৰাগে ২০১৮ ৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালৰ হাতৰ পৰা বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে বিগত ২০১৮ বৰ্ষত শোণিতপুৰ জিলাৰ শ্ৰেষ্ঠ বিজ্ঞান আৰ্হি আৰু প্ৰকল্পৰ বটা লাভ কৰিবলৈ সক্ষম হোৱা অনুৰাগে মাজুলীত অনুষ্ঠিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশ গ্ৰহণৰ সুযোগ লাভ কৰে । তদুপৰি অলপতে শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত বৰগীত প্ৰতিযোগিতাত বিশেষ বঁটা লাভ কৰা অনুৰাগে শীঘ্ৰে মুক্তি লাভ কৰিব লগা “ভক্তি ৰসামৃত” নামৰ বৰগীতৰ এলবামত কণ্ঠদান কৰিছে । বিশেষভাবে উল্লেখ্য যে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ১৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে । সেই সকল হৈছে অনুুুৰাগ শইকীয়া, দেৱজ্যোতি নাথ, নিয়ৰ ভূঞা, উষা বৰা, টুইংকল ঠাকুৰীয়া, ডিম্পল নাথ, পৰিতোষ বৰঠাকুৰ, নয়নমণি বৰা, বিকাশ নাথ, অৰুনাভ হাজৰিকা, ৰক্তিম শৰ্মা, বিষ্ণুজ্যোতি মহন্ত আৰু অৰ্পণ হাজৰিকা ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close