অসম

মুক্তিৰ পথত ‘তুমি জানো জানা’ ৰ ভিডিঅ’

সকলোৰে অপেক্ষিত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰিপুঞ্জয় প্ৰকাশ দাসৰ কণ্ঠত নিগৰা ‘তুমি জানো জানা’ গীতৰ ভিডিঅ’ মুক্তিত পথত। এই গীতটিত কণ্ঠদানৰ লগতে গীতটিৰ কথাও ৰিপুঞ্জয় প্ৰকাশ দাসৰেই। গীতটিত মুখ্য অভিনয়ত আছে নৱাগত অভিনেতা মাধূৰ্য্য শৰ্মা আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী ফেইৰী প্ৰিয়া আহমেদ। গীতটিত সুৰ দিছে মুম্বাইৰ অৰবিন্দ নেওঁগে, গীতটি পৰিচালনা কৰিছে মহেশ দত্ত কলিতাই আৰু অভিনয়ৰ দিশত মেকআপত বাবলী দাসে সহযোগিতা আগবঢ়াইছে। ইপিনে ‘তুমি জানো জানা’ শীৰ্ষক গীতটিত গীটাৰত ৰূপম শৰ্মা আৰু বাঁহীত অঞ্জন মেধিয়ে কাম কৰিছে। চানডুবিৰ এটি ধুনীয়া ৰোমাণ্টিক দৃশাংশৰে এহাল প্ৰেমিকৰ প্ৰেম কাহিনী এটিক প্ৰাধান্য দি ‘তুমি জানো জানা’ ভিডিঅ’টি দৰ্শকক আমোদ দিবলৈ এতিয়া সাজু হৈ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close