
নিউজ ডেস্ক, ভাল খবৰ: মিচেছ ইণ্ডিয়া ২০১৮ৰ খিতাপ অৰ্জন লখিমপুৰ জিলাৰ হাৰমতীৰ সন্দিপনী একাডেমিৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী মমতা সন্দিকৈ। মিচেছ ইণ্ডিয়া ২০১৮ৰ খিতাপ অৰ্জন কৰি গহপুৰ আৰু দল’হাটৰ লগতে সমগ্র উত্তৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰীৰ নিবাসী তথা লখিমপুৰ জিলাৰ দ’লহাট চাহ বাগিচাৰ ফেক্টৰি পৰিচালক নয়ন জ্যোতি সন্দিকৈৰ পত্নী মমতা সন্দিকৈয়ে।
গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা মিচেছ ইণ্ডিয়া প্ৰতিযোগিতাৰ মঙ্গলবাৰে চুড়ান্ত প্ৰতিযোগিতাত মমতা সন্দিকৈয়ে অসমৰ লগতে বহি:ৰাজ্যৰ মুঠ ১২০ গৰাকী প্ৰতিযোগিৰ ভিতৰত শ্ৰেষ্ঠতাৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। হাৰমতীৰ সন্দিপনী একাডেমিৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী মমতা সন্দিকৈয়ে অহা বছৰৰ ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে বুলগেৰীয়াত অনুষ্ঠিত হ’বলগীয়া মিচেছ ইউনিভাৰ্চ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।
উল্লেখযোগ্য যে, জুলাই মাহত অনুষ্ঠিত নৰ্থ আছাম এনজেলিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰাৰ্ণাছআপৰ খিতাপ অৰ্জন কৰি গৌৰৱৰ অধিকাৰী হৈছিল মমতা সন্দিকৈ। কঠোৰ অধ্যৱসায়, প্ৰচেষ্টা আৰু সাধনাৰ বলত মিচেছ ইণ্ডিয়া খিতাপ দখল কৰি মিছেছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰা মমতা সন্দিকৈক সকলোৱে আন্তৰিক অভিনন্দন জনাইছে।