অসম

মালিগাঁৱত ৰক্তদান শিবিৰ

মালিগাঁৱৰপৰা হিৰুল হক, ভাল খবৰ: বৃহস্পতিবাৰে বিশ্ব ৰক্তদান দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰক্তদান দিৱস। এই দিৱস লগত সংগতি ৰাখি মহানগৰীৰ মালিগাঁও চেণ্ট্ৰেল হস্পিতালতো অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ। ৰে’ল বিভাগৰ বহু কৰ্মচাৰীয়ে এই শিবিৰত ৰক্তদান কৰে।

ইফালে মালিগাঁৱৰ ভিন্ন স্থানত আয়োজিত হয় ৰক্তদানৰ বিশেষ কাৰ্যসূচী। ৰক্তদান এক মহান কাম, সেয়েহে বহুলোক ওলাই আহি স্বতঃৰ্ফূতভাৱে এই শিবিৰত ৰক্তদান কৰে।

উল্লেখযোগ্য যে তেজৰ গ্ৰুপ আৱিষ্কাৰকৰ্তা তথা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কাৰ্ল লেণ্ডষ্টেইনাৰৰ আজিৰ দিনটোতে জন্ম হৈছিল। ১৮৬৮ খৃষ্টাব্দত এইজনা বিজ্ঞানীৰ অষ্ট্ৰিয়াৰ ভিয়েনাত জন্ম হৈছিল। সেয়ে ২০০৪ চনৰ পৰা বিজ্ঞানীজনাৰ জন্মদিনটোকে ‘বিশ্ব ৰক্তদাতা দিৱস’ ৰূপে পালন কৰি অহা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close