অসমবিশেষশীৰ্ষ

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা সমিতি গঠন

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

ৰাজ্যৰ অগ্ৰনী সংগ্ৰামী সংগঠন মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা শাখাৰ দ্বি-বাৰ্ষিক অধিবেশনত আগন্তুক দুটা বছৰৰ বাবে পুৰ্নাংগ জিলা সমিতি খন ইতিমধ্যে গঠন কৰা হয়। যোৱা ২৭ অক্টোৱৰত বিহালীৰ কস্তুৰবা গান্ধী বিদ্যালয়ত অনুষ্ঠিত সমিতিৰ দ্বি-বাৰ্ষিক সধাৰন সভাত ৰঞ্জিৎ শইকীয়াক অধ্যক্ষ, শোভন ভূঞা আৰু ৰঞ্জন বৰাক উপাধ্যক্ষ, পলাশ জ্যোতি কোঁচক সচিব, ওচানি গনি, বিপুল গাংগুলিক যুতীয়া সহকাৰী সচিব, অনন্ত শইকীয়াক সংগঠনিক সচিব, ধিৰেন শইকীয়া, ৰিংকু শইকীয়া, চন্দন ভূঞাক সহকাৰী যুতীয়া সাংগঠনিক সচিব মৃদুল বৰাক বিত্ত সচীব, দীগন্ত দাসক প্ৰচাৰ সচীব, লক্ষীৰাম ভূঞা, দীপক শৰ্মা, ৰিতুল বৰুৱাক কেন্দ্ৰীয় প্ৰতিনিধি, বাবুল শইকীয়া, অমৰ জ্যোতি ফুকন, পুতুকন বৰুৱা, গোপাল ৰিজাল, জহলাল আলিক কাৰ্যনিৰ্বাহক সদস্য, লোকনাথ শৰ্মা, জয়ন্ত বৰা আৰু ডা° অমল শইকীয়াক উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়। উক্ত সমিতি খনক ইতিমধ্য মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই অনুমোদন জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close