আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

মাটিৰ তলৰ ৰহস্যময় গাঁওখন

সম্প্রতি ড্রোন ফুটেজৰ জৰিয়তে চীনৰ এখন ৰহস্যময় গাঁৱৰ সন্ধান পােৱা গৈছে। ফুটেজত স্পষ্ট হৈ পৰা সকলােখিনি ঘৰেই মাটিৰ তলত আছে বুলি সন্দেহ কৰা হৈছে। প্রায় ২০০ শতক বছৰ ধৰি এই গাঁৱৰ বাসিন্দাসকলে মাটিৰ তলতেই ঘৰ সাজি বসবাস কৰি আহিছে। এই ৰহস্যময় গাঁওখনত প্রায় দহ হাজাৰ লােকৰ ঘৰৰ সন্ধান পােৱা গৈছে। ইয়াত বর্তমানেও তিনি হাজৰ লােকে বসবাস কৰি আছে। চীনৰ হেনান প্রদেশৰ প্ৰায় গাতে লাগি আছে এই বিশেষ গাঁওখন। ইয়াৰে তিনি হাজাৰ লােকে ইতিমধ্যে ঘৰ-দুৱাৰ এৰি অন্য ঠাইলৈ ঢাপলি মেলিছে। এই ধৰণৰ বিশেষ ঘৰবােৰক ইয়ায়ােডং’ বুলি কোৱা হয়। অন্ততঃ ছয়টা প্রজন্ম এই ঘৰত বসবাস কৰে বুলি জানিব পৰা গৈছে। এই গাঁৱৰ ঘৰসমূহৰ আকৃতি চাৰিকোণীয়া লগতে ইয়াৰ অৱস্থিতি মাটিৰ তলত। শীতকালত এই এলেকাৰ তাপমাত্রা ১০ ডিগ্ৰী আৰু গ্রীষ্মকালত তাপমাত্রা প্রায় ২০ ডিগ্রী হয়। চীনৰ পার্বত্য এলেকাত প্রায় চাৰিহাজাৰ বছৰ পূর্বেই এনে ধৰণৰ ঘৰৰ সন্ধান পােৱা গৈছে। শেহতীয়াকৈ অন্য এক তথ্যত পােহৰলৈ আহিছে যে হেনান প্রদেশৰ চানমেক্সিয়া চহৰত এই গুহাসদৃশ ঘৰবােৰৰ সন্ধান পােৱা গৈছে। বর্তমান এই গাঁওসমূহত বিদ্যুতৰ সংযােগ তথা অত্যাধুনিক ব্যৱস্থাও গঢ় লৈ উঠিছে। এই বিশেষ ঘৰসমূহ চাবলৈ প্ৰতি বছৰে বহু সংখ্যক পর্যটকে ভিৰ কৰা দেখিবলৈ পােৱা যায়। ইতিমধ্যে স্থানীয় প্রশাসনে এই ঘৰসমূহ সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে। এই ঘৰসমূহ ভূমিকম্পত সম্পূর্ণ নিৰাপদ হােৱাৰ লগতে ছাউণ্ড প্রুফ। উল্লেখ্য যে, এই ঘৰসমূহৰ পৰা মাহিলি ২১ ইউৰাে ভাড়া পােৱাৰ লগতে ৩২ ইউৰােত বিক্ৰী কৰা হয়। এই বিশেষ ঘৰসমূহৰ গভীৰতা প্রায় ২০ ৰ পৰা ২৩ ফুট আৰু দীঘ প্রায় । ফুট। ইতিমধ্যে চীনৰ এই ৰহস্যময় গাঁওখনে বিশ্ব অভিলেখৰ সন্মান বুটলিবলৈ সক্ষম হােৱাৰ লগতে বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close