অসম

মাছখোৱাত তিনিদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন

জীৱনৰ বাটত অগ্ৰসৰ হওঁতে সংকট আৰু ব্যৰ্থতা আদিৰ সন্মুখীন হ’লে নিজকে বিচলিত হ’ব নিদিয়াকৈ ৰখা ধৰণৰ মানসিকতা সৃষ্টি কৰিব পাৰিব লাগিব। যি সকলে জীৱনৰ প্ৰতি আশাবাদী দৃষ্টি-ভঙ্গী পোষণ কৰে, তেওঁলোকে অতি জটিল সমস্যাৰ সময়তো মনটো বিচলিত নোহোৱাকৈ আৰু স্বাস্থ্যৰ কোনো বিঘিনি নোহোৱাকৈ ৰাখিব পাৰে। সন্মিলিত প্ৰয়াস, ধেমাজি বুক ডিপোৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত এইদৰে কয় মাছখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাই। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত পৰিৱেষ্টিত হৈ থকা শিক্ষাৰ্থীসকলৰ মাজত এক প্ৰণালীবদ্ধ চিন্তাৰে শৈক্ষিক বাতাৱৰণ সৃষ্টি কৰি সৰল অধ্যয়নশীল মানসিকতা গঢ়ি তোলাৰ নিমিত্তে শেহতীয়াকৈ গঠন হোৱা ধেমাজিৰ সন্মিলিত প্ৰয়াসৰ বুক ডিপোৰ উদ্যোগত মাছখোৱা টাউন হাইস্কুলত যোৱা ১৬ জুলাইৰ পৰা অনুষ্ঠিত হোৱা “ইতিবাচক চিন্তা আৰু গণিত শিক্ষা” শীৰ্ষক কৰ্মশালাৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ প্ৰথম দিনাৰ শুভাৰম্ভণী অনুষ্ঠান দিনৰ প্ৰায় ১০-৩০ বজাৰ পৰা আৰম্ভ হয়। ধেমাজিৰ সন্মিলিত প্ৰয়াসৰ উদ্যোক্তাসকলৰ দ্বাৰা বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰাৰ পিছতে ছাত্ৰ- ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে। কাব্যজ্যোতি বৰগোঁহাইয়ে আঁত ধৰা কৰ্মশালাৰ কাৰ্যসূচী অনুসৰি পৰৱৰ্তী সময়ত বুক ডিপোৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শৰ সন্দৰ্ভত বিস্তৃতৰূপত ব্যক্তব্য ৰাখে দেৱজিত গগৈয়ে আৰু কৰ্মশালাৰ সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন দত্তই সাৱলীল ৰূপত মন্তব্য দাঙি ধৰে। “গণিত জনপ্ৰিয়কৰণ” আৰু “কৃতকাৰ্যতাৰ চাবিকাঠী” সন্দৰ্ভত অনুষ্ঠিত হোৱা উক্ত দিনাৰ কৰ্মশালাৰ সমল ব্যক্তিদ্বয়ক্ৰমে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুধিন্দ্ৰ বৰুৱা আৰু ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ বণজিত ভট্ৰক একোটি গছপুলি ও কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে তেওঁলোকে বিষয়দুটাৰ ওপৰত চিন্তাকৰ্ষক মন্তব্য ৰাখে। ইয়াৰ পিছতে তেওঁলোকক বুক ডিপোৰ তৰফৰ পৰা কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰয়াসৰ সদস্য দিগন্ত বড়াই। উল্লেখ্য যে, প্ৰথম দিনাৰ কৰ্মশালাত মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত ভূঞা আৰু সুবিদ্যা ৰেচিডেন্সিয়েল হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই উপস্থিত থাকে। দিনৰ প্ৰায় ১০-৪০ বজাৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় দিনাৰ কৰ্মশালা এটি প্ৰাৰ্থনাৰে শুভাৰম্ভ হয়। উক্ত দিনাৰ কৰ্মশালাৰ বিষয়বস্তু প্ৰকৃতিৰ ওপৰত সমল ব্যক্তি তথা নেচাৰ্চ বেকনৰ ধেমাজিৰ বিষয়ববীয়া যুগল সন্দিকৈ আৰু মানস প্ৰতীম দত্ত আৰু বিয়লি ভাগত অনুষ্ঠিত সাংবাদিকতা শীৰ্ষক কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ সভাপণ্ডিত, অসমীয়া প্ৰতিদিনৰ সাংবাদিক অণিৰ্বাণ বৰগোঁহাই আৰু আমাৰ অসম কাকতৰ সংবাদকৰ্মী ৰাজীৱ দেউৰী। ইয়াৰ পূৰ্বে কাৰ্যক্ৰমণিকা অনুসৰি আটাইকেইগৰাকী সমল ব্যক্তিক একোটি গছপুলি ও কলমেৰে সম্বৰ্ধনা জনোৱা হয়। বিয়লি প্ৰায় ৩-৩০ বজাত বুক ডিপোৰ তৰফৰ পৰা কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত শলাগৰ শৰাই আগবঢ়াই গোবিন দত্তই। উল্লেখযোগ্য যে, উক্ত দিনা বুক ডিপোলৈ নেচাৰ্চ বেকনৰ সদস্যদ্বয় আৰু জ্ঞানজ্যোতি একাডেমীৰ প্ৰধান শিক্ষক শংকৰজ্যোতি শইকীয়াই একোটিকৈ গ্ৰন্থৰ টোপোলা আগবঢ়ায়। আজি অৰ্থাত অন্তিম দিনাৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড০ শংকৰ পাটোৱাৰী। দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত কৰ্মশালাত প্ৰয়াসৰ অন্যতম উদ্যোক্তা কংকণজ্যোতি ভূঞাই প্ৰয়াসৰ কাৰ্যপন্থাৰ সন্দৰ্ভত আৰু মাছখোৱাস্থিত জ্ঞানজ্যোতি একাডেমীৰ প্ৰধান শিক্ষক শংকৰজ্যোতি শইকীয়াই ইতিবাচক চিন্তাৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰে। ভাষণ প্ৰসংগত শইকীয়াই কয় যে, সমাজখন সুস্থ, সবল আৰু সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ’লে প্ৰয়োজন ইতিবাচক চিন্তাৰ৷ কিন্তু সাম্প্ৰতিক সময়ত আমি দেখা পাইছো সমাজখনত নেতিবাচক চিন্তাৰহে পয়োভৰ বেছি৷ তথাপি আমাৰ সমাজত এনে কিছুলোক আছে যিসকলে প্ৰতিটো সময়ত সমাজখনৰ হিতৰ কাৰণে চিন্তা কৰি আহিছে৷ তাৰেই স্পষ্ট ছবি প্ৰতীয়মান হৈছে সন্মিলিত প্ৰয়াস, ধেমাজিত। আৰু সেইসকল লোকৰ ইতিবাচক চিন্তাৰে সমাজখনৰ প্ৰতি থকা দায়িত্ববোধৰ কৰণীয়খিনিও আজিৰ তাৰিখৰলৈকে যৎপৰোনাস্তি কৰি গৈছে৷ ইয়াৰ পিছতে পাটোৱাৰীক সম্বৰ্ধনা জনোৱা হয়। পৰৱৰ্তী সময়ত পাটোৱাৰীয়ে সংগীত সাধনা আৰু ছাত্ৰ সমাজ সন্দৰ্ভত ব্যক্তব্য ৰখাৰ লক্ষ্যৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত আওৰাই বিশেষ আলোকপাত কৰে। পাটোৱাৰীৰ সংগীতে কৰ্মশালাটি এক জীপাল কৰি তোলাৰ সময়তে কেইবাগৰাকী ছাত্ৰ- ছাত্ৰীয়ে স্বেচ্ছাই আগবাঢ়ি আহি ঐনিতম, বিয়ানাম, আইনাম, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত পৰিৱেশন কৰাৰ ওপৰি বিশিষ্ট অতিথি তথা ২ নং মাছখোৱা জিলা পৰিষদৰ সদস্যা বৰ্ণালী বৰগোঁহাই দাসৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। দিনৰ প্ৰায় ২ বজাত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। প্ৰধান শিক্ষক গোবিন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মাছখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকা, মাছখোৱা বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক নেত্ৰ দিহিঙীয়া, যোৰকটা হাইস্কুলৰ প্ৰধান শিক্ষক দিব্য দত্ত, খলিহামাৰী পমুৱা হাইস্কুলৰ প্ৰধান শিক্ষক লক্ষী দুৱৰা, লুইতপৰীয়া মিচিং হাইস্কুলৰ প্ৰধান শিক্ষক বিদ্যেশ্বৰ মিলি, যোৰকটা বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক ফুলেশ্বৰ বৰুৱা, বৰপাক হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেশ পাংগিং আৰু দক্ষিণ যোৰকটা হাইস্কুলৰ প্ৰধান শিক্ষক যোগেশ দলে উপস্থিত থাকে। বৃহত্তৰ মাছখোৱা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা তিনিদিনীয়া কৰ্মশালাটি অতি সুপৰিকল্পিত আৰু সুন্দৰকৈ সজাই পৰাই উপস্থাপন কৰাৰ বাবে প্ৰয়াসৰ অন্যতম উদ্যোক্তা কংকণজ্যোতি ভূঞা, কাব্যজ্যোতি বৰগোহাঁই, বগেন দত্ত, শিৰোমণি দিহিঙীয়া, মহিম দাস, প্ৰকাশ আগৰৱালা, দেৱজিত গগৈ, ক্ষীৰোদ শইকীয়া, হৰিনাৰায়ণ দত্ত, পুষ্প কোচ আৰু দিগন্ত বড়াক সকলোৱে শলাগ লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close