বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

মাইক্র’ছফটৰ মহান পদক্ষেপ

শিক্ষার্থীসকলৰ বাবে বিশ্বৰ অন্যতম বৃহত্তম সংযােগ মাইক্র’ছফট স্কাইপ-এথনৰ চতুর্থ সংস্কৰণে মাত্র দুদিনত ১০২খন দেশৰ প্রতিযােগীয়ে মুঠ ২৩ মিলিয়ন ভাচুৱেল মাইল ভ্রমণ কৰাটো প্রত্যক্ষ কৰে। সমগ্ৰ ভাৰতৰ ৩০০খন বিদ্যালয়ৰ পৰা ১১,০০০ শিক্ষার্থীয়ে ৪.২৬ মিলিয়ন ভাচুৱেল মাইল সামৰি অংশগ্ৰহণ কৰে আৰু ভাৰতেই বিশ্বৰ আন যিকোনাে দেশতকৈ আটাইতকৈ বেছি সামৰি লয়।ই ৪৮ ঘণ্টাতকৈয়াে অধিক সময়জুৰি স্কাইপ-ত ভাচুৱেল মাইল ভ্ৰমণৰ জৰিয়তে শিক্ষার্থীসকলক নতুন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰাবলৈ, ভাচুৱেল ফিল্ড ট্রিপত যােৱাৰ, অতিথি বক্তাসকলৰ ভাষণ শুনাৰ আৰু সমগ্র পৃথিৱীৰ অন্যান্য শিক্ষার্থী, শিক্ষাবিদ আৰু বিশেষজ্ঞসকলৰ পৰা শিকাৰ সুবিধা প্রদান কৰে। স্কাইপ-এথনে প্রত্যক্ষ কৰে বৈচিত্র্যপূর্ণ বিষয়সমূহ যেনে সংৰক্ষণ, বুৰঞ্জী, কম্পিউটাৰ বিজ্ঞানৰ বিশদ চর্চা আৰু শিক্ষার্থীসকলে গীত আৰু নৃত্য, খেল-ধেমালি, পথন, গল্প আদি সহভাগ কৰা আৰু ভাচুৱেল ক্ষেত্রীয় ভ্রমণ, ধাৰণাসমূহ বিনিময় কৰা আৰু পৰস্পৰৰ পৰা শিকাৰ আয়ােজন কৰিব। ইণ্ডিয়া মাইলছ উদ্বোধন কৰে মাইক্র’ছফট ইণ্ডিয়াৰ প্রেচিডেণ্ট অনন্ত মাহেশ্বৰীয়ে আৰু অধিৱেশনবােৰত শিক্ষা, শিক্ষাৰ ওপৰত প্ৰভাৱ, চাইবাৰ নিৰাপত্তা, সহানুভূতি আৰু অংশগ্রহণ বিষয়ে গুৰুত্ব প্রদান কৰে। মাইক্র’ছফটে আগতেই ঘােষণা কৰিছে যে স্কাইপ-এথনৰ অংশগ্রহণকাৰীয়ে ভ্রমণ কৰা প্রতি ৪০০ ভাচুৱেল মাইলৰ বাবে কোম্পানীয়ে আন্তর্জাতিকভাৱে শিক্ষার্থীসকলক সহায় কৰা আৰু লাভৰ লক্ষ্য নথকা অনুষ্ঠান ডব্লিউ ইলৈ অনুদান আগবঢ়াব। ডব্লিউ ইৰ সামগ্রিক, দীর্ঘস্থায়ী আন্তর্জাতিক বিকাশৰ আৰ্হিটো পাঁচটা আদৰ্শৰে গঠিত— শিক্ষা, পানী, স্বাস্থ্য আৰু সুযােগ। মাইক্রছফটৰ অনুদানে ৩৫,০০০ জন পর্যন্ত শিশুক শিক্ষাৰ সুবিধা প্রদান কৰা ডব্লিউ ইৰ গ্রাম্য শিক্ষাৰ কাৰ্যসূচীক সমর্থন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close