আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মহাকাশত বিজ্ঞাপন

বর্তমানৰ অত্যাধুনিক প্রযুক্তিবিদ্যাই সকলাে দিশতে প্রভাৱ বিস্তাৰ কৰিছে। শেহতীয়াকৈ ইয়াৰ প্ৰভাৱ বিজ্ঞাপনৰ ক্ষেত্ৰতাে দেখিবলৈ পােৱা গৈছে। যিয়ে বিজ্ঞাপনৰ ক্ষেত্ৰত এক নতুনত্ব প্রদান কৰিছে। এই প্রযুক্তিবিদ্যা ব্যৱহাৰৰ ফলত এতিয়াৰে পৰা বিজ্ঞাপনসমূহ টেলিভিছন, বাতৰিকাকত, হর্ডিং আদিতে সীমাৱদ্ধ নাথাকি মহাকাশতাে বিজ্ঞাপনসমূহ জিলিকি থাকিব বুলি জানিব পৰা গৈছে। শেহতীয়া তথ্য অনুসৰি ৰুছৰ এটি উদ্ভাৱক প্রতিষ্ঠানে এই প্রযুক্তিবিদ্যাৰ চিন্তা-চৰ্চা কৰিছে। মহাকাশত এক বিশেষ পদ্ধতিৰ সহায়ত বিলবর্ডছ সংস্থাপন কৰা হ’ব। যাৰ ফলত মহাকাশৰ গ্রহ-নক্ষত্ৰৰ দৰে আকাশত জিলিকি ৰব। বিজ্ঞাপনসমূহ। অর্থাৎ সমগ্র বিশ্বই একেলগে নিৰীক্ষণ কৰিব পাৰিব এই বিজ্ঞাপন। প্রথমাৱস্থাত বিলব’ৰ্ডছটো সৰু সৰু চেটেলাইটৰ সহায়ত নির্মাণ কৰা হ’ব। ইয়াৰ পিছতেই ৰকেটৰ সহায়ত সেইসমূহ মহাকাশলৈ প্ৰেৰণ কৰা হ’ব। সময় সাপেক্ষে এই বিলবর্ডছসমূহ মহাকাশত ঘূর্ণন গতিত নিজৰ কর্মসম্পাদন কৰিব। ফলত নিশাৰ ভাগত মহাকাশত জিলিকি ৰ’ব বিজ্ঞাপনসমূহ। প্রতিষ্ঠানটোৰ শেহতীয়া তথ্য অনুসৰি ২০২১ চনৰ ভিতৰত এই কাম সম্পন্ন কৰা হ’ব। গৱেষক। ভলাদ চিডনিকভৰ ভাষ্য অনুসৰি ২০১৮ চনত কেলিফর্ণিয়াৰ ৰকেট লেবৰ পৰা এটি ডিস্ক’ বল মহাকাশলৈ প্ৰেৰণ কৰিছিল। এই বলটো আৱিস্কাৰ কৰিছিল ৰকেটসমূহৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ। লগতে আর্বিটিং আর্ট প্রজে”ৰ কামতাে ইয়াক ব্যৱহাৰ কৰা হৈছিল। এই ডিস্ক বলটোৱে যথেষ্ট প্রভাৱিত কৰিছিল সকলােকে। ইয়াৰ প্রতি প্রভাৱিত হৈয়ে শেহতীয়াকৈ মহাকাশত বিজ্ঞাপন প্রযুক্তিবিদ্যাটো উদ্ভাৱনৰ যাে-জা চলাইছে প্রতিষ্ঠানটোৱে। ইতিমধ্যে প্রস্তুতি প্রায় সম্পন্ন কৰি তােলা হৈছে। এতিয়া সময় প্রথমটো পৰীক্ষামূলক প্রক্রিয়া সম্পন্ন কৰা। কিন্তু শেহতীয়াকৈ এক অসুবিধাই দেখা দিছে। সাধাৰণতে এনেবােৰ প্ৰজেক্টে মহাকাশত যথেষ্ট আৱৰ্জনাৰ সৃষ্টি কৰে। বৰ্তমানলৈকে মহাকাশত পাঁচ লাখতকৈয়াে অধিক আৱৰ্জনা সিঁচৰতি হৈ আছে। ফলত যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। তথাপি প্রতিষ্ঠানটোৱে চেষ্টা অব্যাহত ৰাখিছে। প্রতিষ্ঠানটোৰ দাবী তেওঁলােকে মহাকাশত ২০২১ চনৰ ভিতৰত বিজ্ঞাপন জিলিকাবই। যদিহে এই প্ৰজেক্টে ইতিবাচক দিশৰ সম্ভেদ দিয়ে তেন্তে ই বিজ্ঞাপনৰ ক্ষেত্ৰত যে এক নতুন আলােড়ন সৃষ্টি কৰিব তাক নিঃসন্দেহে ক’ব পাৰি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close