
পূৰ্বতে মহাকাশৰ সকলো ৰহস্য ভেদ কৰিছিল নাছাই।কিন্তু বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱেও বহু কেইটা প্ৰকল্প হাতত লৈছে।ইতিমধ্যে সফলো হৈছে।শেহতীয়াকৈ ইছৰোয়ে অন্য এক প্ৰকল্প হাতত লৈছে।প্ৰকল্প অনুসৰি ইছৰোয়ে ২০২১চনত মিছন গগনযান আৰম্ভ কৰিব। কিন্তু ইয়াৰ পূৰ্বেই মহাকাশৰ অৱস্থাৰ সম্ভেদ পাবলৈ ইছৰোয়ে মহাকাশলৈ ৰবৰ্ট প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ৰবৰ্টো দেখিবলৈ সাইলাখ এগৰাকী মহিলাৰ দৰে । ৰবৰ্টটোৰ নাম দিয়া হৈছে ‘ব্যোমমিত্ৰ’ । যিহেতু গগনযানত কোনো মহিলা মহাকাশচাৰী পঠোৱা নহ’ব গতিকে ব্যোমমিত্ৰক মহিলাৰ ৰূপত পঠোৱা হৈছে বুলি ইছৰোৰ অধ্যক্ষ কে শিৱাননে জানিবলৈ দিছে। যদিহে ইছৰোৰ এই প্ৰকল্পই প্ৰকৃত সত্যসত্যতা নিৰূপন কৰে তেন্তে ই হব ইছৰোৰ বৃহৎ সফলতা।