প্ৰৱন্ধবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

মহাকাশচাৰী কল্পনা চাওলা

সুকন্যা গগৈ

আকাশ বিশাল। এই বিশাল আকাশত ভ্রমণ কৰিবলৈ সৰুৰে পৰা ভালপােৱা এগৰাকী মহান নাৰী হ’ল কল্পনা চাওলা। ভাৰতৰ প্রথম মহাকাশচাৰী কল্পনা চাওলাই ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ ফলত এনে এগৰাকী মহান নাৰীয়ে পৃথিৱীৰ বাহিৰৰপৰা আহি সােনকালে বিদায় লৈছিল।কল্পনা চাওলাৰ জন্ম হৈছিল হাৰিয়ানাৰ কৰ্ণালত ১৯৬১ চনত। তেওঁ ভাৰতীয় বংশােদ্ভৱ যদিও আমেৰিকাৰ নাগৰিকত্ব গ্রহণ কৰিছিল। প্রাথমিক শিক্ষা লাভ কৰিছিল কেৰেটে গােৰবাল নিকেতনত। সৰুৰে পৰা উচ্চাকাংক্ষী কল্পনাই পঞ্জাবৰ অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা এৰােনেটিকেল ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্রী লৈ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। ১৯৮৪ চনত টেকুছাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ইয়াৰ পিছত কলৰােজ বিশ্ববিদ্যালয়ৰ পৰা ড”ৰেট ডিগ্রী লয়।১৯৮৮ চনত নাছাৰ হক্লক’ত এগৰাকী গৱেষক হিচাপে কার্যনির্বাহ কৰে। ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে তেওঁ মহাকাশলৈ যাত্রা কৰে। এয়াই আছিল ভাৰতীয়ৰ বাবে গৌৰৱ, যি প্রথম মহিলা মহাকাশচাৰী হিচাপে কল্পনা চাওলাই কঢ়িয়াই আনিছিল। নাৰী হিচাপে কল্পনাই নিজৰ সাহস, উচ্চাকাংক্ষা, দৃঢ় মানসিকতা আৰু প্ৰতিভাৰ বলত সকলােৰে সন্মান লাভ কৰিছিল। ইয়াৰ পিছত ২০০৩ চনৰ ১৬ জানুৱাৰীত নাছাই দ্বিতীয়বাৰৰ বাবে মহাকাশ অভিযানত কল্পনা চাওলাক সন্মতি দিছিল। বিশ্বৰ শ্রেষ্ঠতম মহাকাশ গৱেষণা সংস্থা নাছাৰ কলম্বিয়া’নামৰ যানখনত ১৬ জানুৱাৰী দিনা কল্পনাৰ লগতে ছজন বিজ্ঞানী মহাকাশলৈ যাত্ৰা কৰিছিল। ১৬ দিন মহাকাশত গৱেষণা কৰাৰ পাছত ১ ফেব্ৰুৱাৰীৰ দিনা মহাশূন্যৰ পৰা যাৱতীয় গৱেষণা সমাপ্ত কৰি বহু মূল্যৱান তথ্য লৈ পৃথিৱীলৈ আহিছিল। ভূপৃষ্ঠত ভৰি দিবলৈ মাত্র ১৬ মিনিট বাকী থকা অৱস্থাত মহাকাশত কলম্বিয়া ভাঙি জুই লাগি চুৰমাৰ হৈ গ’ল। কোনেও এই যানখনক উদ্ধাৰ কৰিবলৈ সমর্থনহ’ল। শেষত কল্পনাৰ লগতে বাকী ছজন বিজ্ঞানীয়ে এই পৃথিৱীবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় লৈ মহাকাশতে নিজৰ দেহ বিসর্জন দিলে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close